Six Tribal Extremist Organisations Pressmeet in Manas :চৰকাৰৰ লাঞ্ছনা-বঞ্চনাক লৈ ক্ষোভ

পুনৰ জংঘললৈ যোৱাৰ হুংকাৰ পূৰ্বে অস্ত্ৰ সম্বৰণ কৰা ছটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনৰ

tea tribal

Six Tribal Extremist Organisations Pressmeet in Manas :

ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ সতে হোৱা আদিবাসী চুক্তিৰ সময়তে জংঘলৰ পৰা ওলাই আহি অস্ত্ৰ সম্বৰণ কৰা প্ৰায় ছটাকৈ আদিবাসী উগ্ৰপন্থী সংগঠনে চৰকাৰৰ প্ৰৱঞ্চনাৰ বাবে বাধ্য হৈ পুনৰ হাতত অস্ত্ৰ তুলি জংঘললৈ যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ৷

প্ৰাক্তন আদিবাসী উগ্ৰপন্থী সংগঠন বীৰছা কোমাণ্ড ফোৰ্চে মানাহৰ বাঁহবাৰীত অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে কয় যে বীৰছা কোমাণ্ড ফোৰ্চৰ লগতে পাঁচটাকৈ বিদ্ৰোহী সংগঠনৰ ২০২২ৰ ১৫ চেপ্তেম্বৰত অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে চুক্তি হৈছিল আৰু তেতিয়াই চৰকাৰৰ ফালৰপৰা এহেজাৰ কোটি টকাৰ এটা পেকেজ ঘোষণা কৰা হৈছিল ৷

তাত আদিবাসী কাউন্সিল গঠন কৰি আদিবাসী সকলৰ সৰ্বাংগীণ উন্নয়নৰ লগতে জনজাতিকৰণ হ’ব বুলিও কোৱা হৈছিল ৷ তাৰ মাজতে অসম চৰকাৰে অনুষ্ঠিত কৰা অস্ত্ৰ সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে দুই তিনিদিনৰ ভিতৰতে উগ্ৰপন্থী সংগঠন কেইটাৰ প্ৰতিজন কেডাৰকে ছহেজাৰকৈ টকা একাউণ্ট যোগে আদায় দিব লগতে ১৫ আগষ্টৰ পূৰ্বে চাৰি লাখকৈ প্ৰতিজন কেডাৰকে আদায় দিব কিন্তু আজি দুমাহেও সেই টকা কোনো এজন কেডাৰে লাভ নকৰিলে ৷

এতিয়া কেডাৰ সকলে এসাঁজ খাই এসাঁজ লঘোণে থাকি পৰিয়াল চলাই নিব লগা হৈছে৷ এইক্ষেত্ৰত চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে পুনৰ সশস্ত্ৰ সংগ্ৰামৰ পথত আগবাঢ়ি যোৱাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

একেদৰে বীৰছা কোমাণ্ড ফোৰ্চ,আনলা,কোব্ৰা মিলিটেণ্ট ফোৰ্চ,এছটিএফকে ধৰি প্ৰায় ছটাকৈ সংগঠনে তেওঁলোকৰ ন্যায্য দাবী প্ৰাপ্তিৰ বাবে শীঘ্ৰেই অসমৰ মুখ্যমন্ত্ৰী আৰু এডিজিপিক সাক্ষাৎ কৰিব বুলিও সংবাদমেল যোগে জানিব দিয়ে ৷ সংবাদমেল খনত বীৰছা কোমাণ্ড ফোৰ্চৰ প্ৰতিষ্ঠাপক ডেপুটি চীফ বিজয় ছেচ,ইছাক এম হেমৰন,ৰঞ্জন মাহাতো,সঞ্জীৱ ছালছো,গিলবাৰ্ট ছোৱান্সি,শ্যাম সুৰিনকে ধৰি কেবাগৰাকী নেতাকৰ্মী উপস্থিত আছিল ৷

Exit mobile version