Cid :বজালীৰ ডিএছপি সহ কেবাজনো আৰক্ষী বিষয়া চি আই ডিৰ জালত

চি আই ডিয়ে সোধ পোচৰ বাবে গুৱাহাটীলৈ নিলে আৰক্ষী বিষয়া কেইজনক

3

Cid :

চি আই ডিৰ জালত বজালীৰ কেইবাজনো উচ্চপদস্থ আৰক্ষী বিষয়া | বজালী জিলাৰ উপ- আৰক্ষী অধীক্ষক পুষ্কল গগৈ, ভবানীপুৰ আৰক্ষী বিষয়া দেৱজিৎ গিৰি, এএছআই  শশাংক দাস, আৰু পাটাছাৰকুছি থানাৰ অ’চি অনুপ পাটিৰিক চি আই ডি য়ে আটক কৰি লৈ যায় গুৱাহাটীলৈ |

চি আই ডিয়ে সোধপোচৰ বাবে গুৱাহাটীলৈ নিলে আৰক্ষী বিষয়া কেইজনক |

এগৰাকী চুপাৰি মাফিয়া ৰবিউল ইচলাম (ৰুবেল) নামৰ লোক জনৰ গোচৰ অনুসৰি আৰক্ষী বিষয়া কেইজনক চি আই ডি য়ে ৰাতিপুৱাই লৈ যোৱা বুলি জানিব পৰা গৈছে |

ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য সমগ্ৰ বজালীত | ঘটনাৰ সতে বৃহৎ পৰিমানৰ ধন আত্মসাৎ কৰা বুলি গুজব ওলাইছে |

Exit mobile version