Silsako Eviction Drive:শিলসাঁকোত আজি পুনৰ চলিছে উচ্ছেদ অভিযান

পুৱাৰে পৰা অব্যাহত আছে উচ্ছেদ অভিযান, ১৫০ বিঘা মাটি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে শুক্ৰবাৰৰ পৰা চলা উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন 

silsako1

Silsako Eviction Drive:

শিলসাঁকোত আজি পুনৰ চলিছে উচ্ছেদ অভিযান ৷ পুৱাৰে পৰা অব্যাহত আছে উচ্ছেদ অভিযান ৷ ১৫০ বিঘা মাটি বেদখলমুক্ত কৰাৰ উদ্দেশ্যৰে শুক্ৰবাৰৰ পৰা চলা উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিন ৷

আজি বৰবাৰীৰ উষানগৰকে ধৰি মেগজিনৰ পৰা পাথৰ কুৱাৰীলৈকে ইতিমধ্যে প্ৰায় শতাধিক ঘৰ প্ৰশাসনৰ বুলড’জাৰে ধূলিসাৎ কৰে ৷ ইয়াৰে ৪০ টা অট্ৰালিকা ৷ বুলড’জাৰে হাতোৰাত তাজপাতৰ দৰে খহি পৰিছে সপোনৰ ঘৰ সমূহ ৷

উল্লেখ্য যে,শুক্ৰবাৰে ২০০ পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হৈছিল ৷ যাৰবাবে পুৱাতে উচ্ছেদ আৰম্ভ হওতেই উচ্ছেদিত পৰিয়ালে কে এম এম এছৰ  সহযোগত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ প্ৰতিবাদৰ মাজতে দুগৰাকী খিলঞ্জীয়া মহিলাৰ অৰ্ধ নগ্ন হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদৰে পৰিবেশ উত্তাল হৈ থকাৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদ কৰা দুই মহিলা, কে এম এম এছৰ  সম্পাদক বিদ্যুত শইকীয়াক,সাংগঠনিক সম্পাদক  আকাশ দলে সহ ২৫ জন প্রতিবাদকাৰীক আটক কৰে ৷

অৱশ্যে আজি উচ্ছেদস্থলীত নাই কোনো প্ৰতিবাদ। ইয়াৰ মাজতে উচ্ছেদ পৰিয়ালৰ কাষত উপস্থিত হয় অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈ ৷ দুয়ো গৰাকী নেতাই এইয়া চৰকাৰৰ খিলঞ্জীয়া প্ৰতি চুড়ান্ত অন্যায় বুলি অভিহিত কৰে ৷

শিলসাঁকোৰ পৰা গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু সাংগঠনিক সম্পাদক আকাশ দলেক মুকলি কৰাৰ দাবী কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক সভাপতি অখিল গগৈৰ ৷

আনহাতে এগৰাকী মহিলাই তেওঁৰ দুমহলীয়া ঘৰটো চকুৰ সন্মুখতে ভাঙি পেলোৱাত চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ কয়, ২০১৬ ত বিজেপি চৰকাৰ অহাৰ পাছতে তেও ঘৰটো বান্ধিব আৰম্ভ কৰিছিল ৷

ইপিনে,এবাৰলৈও জিএম ডিএই জাননী নিদিলে উচ্ছেদ কৰিব বুলি৷ স্বাভাবিকতে বৰবাৰী উষা নগৰৰ প্ৰায় ২৫ টা পৰিয়ালৰ আজি আলৈ আথানি নোহোৱা হয় ৷

মনকৰিবলগীয়া যে,জিএমডিএৰ অধ্যক্ষ নাৰায়ন ডেকাৰ আজি জন্মদিন ৷ শতাধিক পৰিয়ালক আশ্ৰয়ৰ বিকল্প ব্যৱস্থা নকৰাকৈ পুৱাতে ঘৰ ভাঙি দি জন্মদিন উদযাপনত ব্যস্ত হৈছে জিএমডিএৰ অধ্যক্ষজন ৷ গৃহহীন হোৱা প্ৰতিজন লোকেই আজি নাৰায়ন ডেকাক শাওপাত দিয়া পৰিলক্ষিত হয় ৷

উল্লেখ্য যে,শুক্ৰবাৰে পুৱাৰে পৰা শিলসাঁকোৰ বৰবাৰীৰ এশ পঞ্চাশ বিঘা মাটি বেদখল মুক্ত কৰা বাবে মহানগৰ প্ৰশাসনে এক সমৰসজ্জা গঢ়ি তোলে ৷ একেদৰে প্ৰায় তিনিশ আৰক্ষী আৰু বুলড’জাৰ আৰু ৰ’লাৰে উচ্ছেদস্থলীত উচ্ছেদৰ বাবে সাজু কৰি তুলিছিল ৷

Exit mobile version