Many Train-Flights Cancelled on the Occasion Of G20 Summit:জি-২০ সন্মিলন উপলক্ষে বাতিল বহু ৰেল-বিমানৰ সেৱা

G20 1

Many Train- Flights Cancelled on the Occasion Of G20 Summit:

দিল্লীত জি-২০ আন্তর্জাতিক বৈঠক চলিত সপ্তাহতে অনুষ্ঠিত হ’ব। এই বৈঠকৰ প্ৰস্তুতি সম্প্ৰতি তুংগত।

ADVERTISEMENT

উত্তৰ ৰেলৱে কৰ্তৃপক্ষই এক বিজ্ঞপ্তিৰ জৰিয়তে প্রকাশ কৰা অনুসৰি, জি-২০ৰ বৈঠক অনুষ্ঠিত হোৱাৰ সময়ত ৩০০ ৰো অধিক ইণ্টাৰচিটি আৰু এক্সপ্ৰেছ ৰেলৰ চলাচল ব্যাহত হ’ব। বিজ্ঞপ্তিত উল্লেখ কৰা মতে, আঠৰ পৰা ১০ ছেপ্টেম্বৰ পৰ্যন্ত ২০৭ খন ৰে’লৰ চলাচল বাতিল কৰা হৈছে।

একেদৰে ছখন ৰে’লৰ পথ আৰু ১৫ খন ৰে’লৰ টার্মিনেল সলনি কৰা হৈছে। তদুপৰি ১১ ছেপ্টেম্বৰত বন্ধ থাকিব দিল্লী-ৰিৱাৰি এক্সপ্ৰেছ স্পেচিয়েল আৰু ৰিৱাৰি-দিল্লী এক্সপ্ৰেছ ৰে’লৰ সেৱা।

কেৱল ৰে’লেই নহয়, আঠৰ পৰা ১০ ছেপ্টেম্বৰলৈকে দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানকোঠেও কে’বাখনো বিমানৰ চলাচল বাতিল ঘোষণা কৰিলে। উক্ত তিনিদিনত মুঠ ১৬০ খন ঘৰুৱা বিমানৰ উৰণ বাতিল কৰা হৈছে।

Exit mobile version