One Dies in Nagaon Due to Sweltering Heat:উৎকট গৰমৰ বাবে নগাঁৱত মৃত্যু এজনৰ

১০৮ত ফোন কৰিও নাপালে এম্বুলেঞ্চ সেৱা

nagaon

One Dies in Nagaon Due to Sweltering Heat:

উৎকট গৰমে দহিছে ৰাজ্যবাসীক ৷ ভদীয়া বানৰ পাছত প্ৰচণ্ড গৰমে ৰাজ্যবাসীক জ্বলাকলা খুৱাইছে ৷ অতিমাত্ৰা গৰমৰ বাবেই নগাঁৱত শোকাৱহ মৃত্যু এজনৰ

চাইকেল চলাই চাহপাত বিক্রীৰ বাবে দোকান এখনত সোমাইছিল নগাঁৱৰ পুৰণিগুদাম চলচলি গৰীয়া গাঁৱৰ চিৰাজুল হক ৷ প্রচণ্ড গৰমত হঠাতে ঢলি পৰে লোকজন ৷

সেই সময়ত উপস্থিত থকা এজন লোকে ততাতৈয়াকৈ ১০৮ এম্বুলেঞ্চ সেৱালৈ কেইবাবাৰো ফোন কৰিছিল যদিও সময়মতে উপস্থিত নহ’ল এম্বুলেঞ্চ ৷ যাৰবাবে কৰুণ মৃত্যুক সাবটি লয় দুৰ্ভগীয়া লোকজন ৷ এই অভিযোগ একাংশ ক্ষোভিত লোকৰ ৷

Exit mobile version