Teacher Day:আজি শিক্ষক দিৱস, দেশজুৰি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন পালন

ৰাজ্যৰ ৪৩০গৰাকী শিক্ষাগুৰুলৈ ৰাজ্যিক শিক্ষক বঁটা

teacher day

Teacher Day:

আজি পাঁচ ছেপ্টেম্বৰ। প্ৰতি বছৰে দেশজুৰি এই দিনটোত পালন কৰি অহা হৈছে শিক্ষক দিৱস। আজিৰ দিনটোত শিক্ষাগুৰুৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে শিক্ষাৰ্থীসকলে।

বিশ্বখ্যাত শিক্ষাবিদ তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ পাঁচ ছেপ্তেম্বৰৰ ওপজা দিনটোক ভাৰত চৰকাৰে তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই ১৯৬২ চনৰ পৰাই পালন কৰি আহিছে শিক্ষক দিৱস হিচাপে ।

মঙলবাৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি দেশৰ প্ৰতিখন শিক্ষানুষ্ঠানতে আয়োজন কৰা হৈছে নানান আকর্ষণীয় কাৰ্যসূচী।

অসমতো আজি ৬২ সংখ্যক শিক্ষক দিৱসৰ লগত সংগতি ৰাখি কৃতী শিক্ষক-শিক্ষয়িত্ৰীক উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে কৰাৰ অসম চৰকাৰে প্ৰদান কৰে বিশেষ বঁটা
উল্লেখ্য যে বিগত দুই দশকত শিক্ষক বঁটাৰে সন্মানিত কৃতী শিক্ষক-শিক্ষয়িত্ৰীক মঙলবাৰে বিশেষ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

স্মতব্য যে,ৰাজ্যৰ ৩৫ জিলাৰ মুঠ ৪৩০ গৰাকী কৃতী শিক্ষকক এই পত্ৰ প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰীয় শিক্ষক বঁটাপ্ৰাপক ৫ গৰাকী, প্ৰাথমিক শিক্ষক বঁটাপ্ৰাপক ২৩৪ গৰাকী আৰু মাধ্যমিক শিক্ষক বঁটাপ্ৰাপক ১৮৯ গৰাকী শিক্ষাগুৰুক মুখ্যমন্ত্ৰীয়ে এই বিশেষ কৃতজ্ঞতাপত্ৰ প্ৰদান কৰে ।

ইতিমধ্যে সংশ্লিষ্ট জিলাৰ আয়ুক্তৰ তত্ত্বাৱধানত চৰকাৰী বিষয়াই মুখ্যমন্ত্ৰীৰ হৈ ঘৰে ঘৰে মুখ্যমন্ত্ৰীৰ এই বিশেষ কৃতজ্ঞতাপত্ৰ বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version