China On Xi Skipping G20 Summit: জি ২০লৈ নাহে জিনপিং

ভাৰত চীনৰ সম্পৰ্ক সুস্থিৰ: কলে চীনে

china president

China On Xi Skipping G20 Summit:

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনত অংশগ্ৰহণ নকৰাৰ কথা ঘোষণা কৰাৰ এদিন পিছতে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ভাৰতক এই হাই প্ৰফাইল গ্ল’বেল ইভেণ্ট আয়োজন কৰাত সহায় কৰা হৈছে আৰু ইয়াক সফল কৰি তোলাত সকলো পক্ষৰ সৈতে কাম কৰিবলৈ সাজু হৈছে ।

সোমবাৰে চীনে ঘোষণা কৰিছিল যে ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী লি কিয়াঙে দেশখনক প্ৰতিনিধিত্ব কৰিব।

পিছদিনা এক প্ৰেছ ব্রিফিঙত বৈদেশিক মন্ত্রালয়ৰ মুখপাত্ৰ মাও নিঙক সোধা হৈছিল যে ৰাষ্ট্ৰপতিৰ পৰিবৰ্তে প্রধানমন্ত্রী গৰাকীক ভাৰতলৈ পঠোৱাৰ সিদ্ধান্তই দুই দেশৰ মাজত উত্তেজনা প্ৰতিফলিত কৰিলে নেকি।

উত্তৰত তেওঁ কয় যে চীন-ভাৰতৰ সম্পৰ্ক সামগ্ৰিকভাৱে সুস্থিৰ হৈ আছে আৰু “বিভিন্ন পৰ্যায়ত আলোচনা আৰু যোগাযোগ বজাই ৰাখিছে।

Exit mobile version