Pepsico:নলবাৰীৰ বানেকুছি খুখুন্দিত পেপছিকোৰ খাদ্যবস্তু উৎপাদন উদ্যোগৰ ভূমি পূজন

পেপছিকো কোম্পানীয়ে ৭৭৮ কোটি টকা ব্যয়ৰ নিৰ্মাণ কৰিব উদ্যোগটো, মুখ্যমন্ত্ৰীয়ে কৰিলে ভূমি পূজন আৰু শিলান্যাস

hbs 1

Pepsico:

ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰ খনত পুনৰ সংযোগ ঘটিব পেপছিকো কোম্পানীৰ খাদ্যবস্তু উৎপাদন উদ্যোগ ৷

বুধবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই নলবাৰী জিলাৰ বানেকুছি খুখুন্দিত পেপছিকো কোম্পানীয়ে ৭৭৮ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰিবলগীয়া খাদ্যবস্তু উৎপাদন উদ্যোগৰ ভূমি পূজন আৰু শিলান্যাস কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ স’তে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী বিমল বৰা,জনস্বাস্থ্য আৰু পৰ্যটন মন্ত্ৰী জয়ন্তমল্ল বৰুৱা সহ উচ্চপদস্থ বিষয়াবৰ্গ ৷

উল্লেখ্য যে,পেপছিৰ দৰে এটা বিদেশী কোম্পানীয়ে ১০ মেত অসম চৰকাৰৰ স’তে হোৱা চুক্তিমৰ্মে নলবাৰীত নিৰ্মাণ কৰিছে বৃহৎ উদ্যোগটো ৷ এবছৰৰ ভিতৰত নিৰ্মাণ হৈ উঠিব উদ্যোগটো ৷ ইয়াত স্থানীয়ভাৱে সংস্থাপিত হ‘ব পাঁচশ থলুৱা নিৱনুৱা ৷ আধাৰ শিলা স্থাপন কৰাৰ পাছতে এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷

Exit mobile version