Bordumja Murder  Main Accused Arrested:তিনিচুকীয়াৰ বৰডুমচাত নৃশংস হত্যাকাণ্ড !

জন্মাষ্টমীৰ বজাৰ কৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণত নিহত চিআৰপিএফ জোৱান, চাও নিউটা মিন, চাও আর্ভি খেনক নামৰ দুই হত্যাকাৰীক আটক আৰক্ষীৰ, চিচিটিভিৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দুয়োকে

bordumja 3

Bordumsa Murder  Main Accused Arrested:

জন্মাষ্টমীৰ আনন্দ উলাহৰ মাজতে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৰডুমচাত বুধবাৰে সন্ধিয়া সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড

মটৰ চাইকেলত অহা দুই দুর্বৃত্তই আগুচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰে এজন চিআৰপিএফ জোৱানক। দুৰ্বৃত্তৰ উপযুপৰি আক্ৰমণত থিতাতে নিহত হয় চি আৰ পি এফ জোৱানজন। এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ বৰডুমচা অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে।

প্ৰাপ্ত খবৰ অনুসৰি,, বৰডুমচাস্থ চিআৰপিএফ ১৮৬ নং বেটেলিয়নৰ চাউনীত নিয়োজিত হৈ থকা সুনীল কুমাৰ পাণ্ডে নামৰ জোৱানজনে চিভিল ড্ৰেছত জন্মাষ্টমীৰ বাবে বজাৰ কৰিবলৈ বুধবাৰে সন্ধিয়া বৰডুমচাৰ মাধৱপুৰলৈ ওলাই আহে ৷

এনেতে পুৰ্বৰে পৰা খাপ পিটি থকা দুই মটৰ চাইকেল আৰোহীয়ে চোকা অস্ত্ৰৰে ঘপিয়াই পাণ্ডেক। দুৰ্বৃত্তৰ উপযুপৰি আক্ৰমণত তেজেৰে তুমৰলি হৈ ৰাজপথতে ঢলি পৰে ৷ পিছত স্থানীয়লোকে মুমুষ অৱস্থাত জোৱানজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে ৷

আনহাতে এই নৃশংস হত্যাকাণ্ডৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু বৰডুমচাস্থ চি আৰ পি এফ উপস্থিত হৈ ক্ষীপতাৰে তদন্ত আৰম্ভ কৰি স্থানীয় প্ৰত্যক্ষদৰ্শী আৰু চিচিটিভিৰ কেমেৰাত আবদ্ধ ফুটেজৰ ভিত্তিত অভিযান চলাই দুই অৰুনাচলৰ নামচাই জিলাৰ চাংলাই গাৱঁৰ চাও নিউটা মিন, জেংলাইৰ বাসিন্দা চাও আর্ভি খেনক আটক কৰিবলৈ সক্ষম হয় ৷ এই অভিযানত অসম আৰক্ষীক সহযোগিতা আগবঢ়াই অৰুণাচল আৰক্ষীয়ে ৷

Exit mobile version