Police Attack In Dalanirpar:লক্ষিমপুৰত চাঞ্চল্যকৰ ঘটনা !

ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ যোৱা আৰক্ষীক ভয়ংকৰ আক্ৰমণ, আৰক্ষী জোৱানক কামুৰি আহত কৰে আক্ৰমণকাৰীৰ দলে, দলনিৰপাৰৰ পৰা আটক অর্ধ শতাধিক আক্ৰমণকাৰীক

lakhimpur police attack

Police Attack In Dalanirpar:

লক্ষিমপুৰৰ দলনিৰ পাৰত চাঞ্চল্যকৰ ঘটনা ৷ বঙালমৰাৰ ২ নং আহমেদপুৰৰ দলনিৰপাৰত এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ গৈছিল আৰক্ষীৰ দল ৷ হঠাতে একাংশ লোকে ভয়ংকৰ আক্ৰমণ কৰে আৰক্ষী দলক ৷

অসামৰিক পোচাকত থকা আৰক্ষী দলটোৱে দুৰ্ধৰ্ষ ড্ৰাগছ সৰবৰাহৰাৰী ছাদ্দাম হুছেইনক তাৰ বাসগৃহৰ পৰা আটক কৰাৰ পাছতে পৰিয়াললোক আৰক্ষীৰ ওপৰত জপিয়াই পৰে ৷ আৰক্ষীক আক্ৰমণ কৰি মোকোলাই নিয়ে ছাদ্দাম হুছেইনক ৷

আনহাতে আৰক্ষী দলটোৰ এজনক আক্ৰমণকাৰীয়ে কামুৰি আহত কৰে ৷
আনহাতে এই ঘটনাত আহত হয় ড্ৰাগছ পেডলাৰ ছাদ্দাম হুছেইনৰ গৰ্ভৱতী পত্নী ৱাহিদা বেগম গুৰুত্বৰভাৱে আহত হয় ৷

উল্লেখ্য যে, আক্ৰমণকাৰীৰ সন্ধানত পুৱতি নিশা এছ পি আনন্দ মিশ্ৰয়ে  চলাই অভিযান  চলাই দলনিৰপাৰৰ পৰা আটক কৰে অর্ধ শতাধিক লোকক ৷

আটকাধীন লোকসকলক ধলপুৰ, নাওবৈচা,লালুক,বিহপুৰীয়া আৰু বঙালমৰা থানাত সুকীয়া সুকীয়াকৈ ৰখা হৈছে ৷

Exit mobile version