Assam Pradesh Mahila Morcha:মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বাবে সাজু অসম প্ৰদেশ মহিলা মৰ্চা

mahila marcha

Assam Pradesh Mahila Morcha:

ভাৰতীয় জনতা পার্টি, মহিলা মৰ্চাৰ অহা ৯ আৰু ১০ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সভা উপলক্ষে শুক্ৰবাৰে অটল বিহাৰী বাজপেয়ী ভৱনত মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা ইন্দু গোস্বামী আৰু মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী আঙুৰলতা ডেকাই এক সংবাদ মেল সম্বোধন কৰে।

সংবাদমেলত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা তথা ৰাজ্যসভাৰ সাংসদ ইন্দু গোস্বামীয়ে মহিলা মৰ্চাৰ আগন্তুক দুদিনীয়া কাৰ্যসূচী সন্দৰ্ভত অৱগত কৰে । তেঁও কয়, ৰাষ্ট্ৰীয়, কাৰ্যনিৰ্বাহক সভাৰ দুদিনীয়া কাৰ্যসূচীত ৫ খনকৈ সত্ৰ অনুষ্ঠিত হ’ব।

য’ত সমগ্ৰ ভাৰতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য প্ৰদান কৰিব। লগতে ২০২৪ চনৰ লোকসভা নিৰ্বাচন আৰু আগন্তুক ৫ খন ৰাজ্যৰ বিধানসভা নির্বাচন সন্দৰ্ভত মহিলা মৰ্চাৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হ’ব।

ভাৰতৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০ গৰাকী মহিলা কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰা এই কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মহিলা মৰ্চাৰ প্ৰভাৰী দুসন্ত গৌতম, ৰাজ্যসভাৰ উপাধ্যক্ষ ফাংগনন কন্যাক, ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ কামাখ্যা প্রসাদ তাচা, সাংসদ কুইন ওজা, ভাৰতীয় জনতা পাৰ্টিৰ সহ সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, প্রাক্তন সাংসদ বিজয়া চক্রৱৰ্তীকে ধৰি অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী, বিধায়ক উপস্থিত থাকিব।

সংবাদ মেলৰ আৰম্ভণিতে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ জন্ম বার্ষিকী উপলক্ষে তেখেতৰ এটি গীতৰ কলি আঁওৰাই গণশিল্পী গৰাকীক শ্ৰদ্ধা নিৱেদন কৰে।

লগতে অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখনৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।

সংবাদ মেলত মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সংবাদ বিভাগৰ আহ্বায়িকা নিতু দাৱাচ, মিডিয়া পেনেলিষ্ট ড০ জেফৰিণ মেহজাবিন উপস্থিত আছিল।

Exit mobile version