Bharat Ratna Dr Bhupen Hazarika Birthday :আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৭ সংখ্যক ওপজা দিন

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো উদযাপন কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, ভূপেন্দ্ৰ গীতে–মাতে মুখৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ত

bhupenda

Bharat Ratna Dr Bhupen Hazarika Birthday :

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ওপজা দিন অসমীয়া জাতীয় জীৱনৰ অন্যতম খনিকৰ প্ৰাণৰ শিল্পী, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ ওপজা দিনটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৃত উদযাপন কৰা হৈছে ।

ভূপেন্দ্ৰ সংগীতৰে মুখৰ হৈ পৰিছে ৰাজ্য চৌদিশে ৷ যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে।

ওপজা দিনত ড° ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ প্ৰতিবছৰৰ দৰে এই বছৰো সদৌ অসম ছাত্ৰ সন্থাই সদৌ কামৰূপ(ম) জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত দীঘলীপুখুৰীৰ পাৰত থকা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত
আয়োজন কৰিছে বিশেষ অনুষ্ঠান ৷ পুৱাতে সুধাকণ্ঠৰ প্ৰতিমূৰ্তিৰ শ্ৰদ্ধা জ্ঞাপন কৰে আছুৰ উপদেষ্টা ড:সমজ্জুল ভট্টাচাৰ্য সহ আছুৰ নেতৃবৰ্গই ৷

আছুৰ এই বিশেষ অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ একোখন মহাবিদ্যালয়, বিশ্ববিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ ন্যাসৰ সম্পাদক আৰু গুৱাহাটীৰ কেইখনমান মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীয়ে সুধাকণ্ঠৰ গান গাই শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব ।

আনহাতে মহানগৰীৰ জালুকবাৰীত থকা বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ সমাধিক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ফালৰ পৰা আয়োজন কৰা হয় সুধাকণ্ঠৰ ওপজা দিন। এই উপলক্ষে পুৱাতে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা উপস্থিত হৈ সুধাকণ্ঠ সমাধিস্থলত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে ৷

সুধাকণ্ঠৰ সমাধিস্থলীত সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত কয়,হৃদয়স্পৰ্শী গীতৰ জৰিয়তে সমাজত সমন্বয়ৰ বাৰ্তা কঢ়িওৱা বিশ্ববিশ্ৰুত শিল্পী, আমাৰ হিয়াৰ আমঠু তথা ‘ভাৰত ৰত্ন’ৰে বিভূষিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক ওপজা দিনত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

অসমৰ লগতে দেশৰ কলা-সংস্কৃতিৰ জগতৰ এইগৰাকী বৰেণ্য শিল্পীৰ কণ্ঠস্বৰ আৰু মানুহৰ বাবে গোৱা মানৱীয় অনুভূতিৰ সুৰ আজিও অগণণ শ্ৰোতাৰ হৃদয়ে হৃদয়ে প্ৰতিধ্বনিত হয়। সৃষ্টিশীলতাৰ সাগৰত সাঁতুৰি কাহানিও ক্লান্ত নোহোৱা গণশিল্পীগৰাকীৰ সৃষ্টিৰাজি আকাশৰ দৰেই বিশাল পৰিসৰত বিস্তৃত যিয়ে আমাক স্বদেশ আৰু স্বজাতিৰ হকে কাম কৰি যাবলৈ সদায় অনুপ্ৰেৰণা যোগাই যাব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

উল্লেখযোগ্য যে ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন আদি গাঁৱত জন্মগ্ৰহণ কৰিছিল বৰেণ্য শিল্পীগৰাকীয়ে। অগণণ শ্ৰোতাৰ হৃদয় জয়কৰা শিল্পীগৰাকীক ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ আৰু ২০০৯ চনত ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্নৰে সন্মানিত কৰা হয়।

আনহাতে ১৯৯২ত ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা ছাহেব ফাল্কে বঁটাৰে সন্মানিত হৈছিল ড০ ভূপেন হাজৰিকা ।

২০১২ত ভাৰতৰ চৰকাৰৰ দ্বিতীয় অসামৰিক সন্মান পদ্মবিভূষণ আৰু ২০১৯ত মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল বিশ্বৰ বৰেণ্য শিল্পীগৰাকীক।

Exit mobile version