Bypoll Results 2023: ছয় ৰাজ্যৰ ৭খন বিধানসভাৰ উপ-নিৰ্বাচনত বিজেপি ৩ বিৰোধী উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ৰ ৪

by election

Bypoll Results 2023:

যোৱা ৫ ছেপ্টেম্বৰ ৬ খন ৰাজ্যৰ ৭খন বিধানসভাৰ আসনৰ বাবে অনুষ্ঠিত উপ-নিৰ্বাচনৰ ভোটগণনা আজি পুৱাৰে পৰা অব্যাহত আছে।

ফলাফলৰ শেহতীয়া খবৰ অনুসৰি ত্ৰিপুৰাৰ ধনপুৰ আৰু বক্সনগৰ বিধানসভাৰ আসনৰ বাবে অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিজেপিয়ে দুয়োখন আসনতে জয়লাভ কৰে।

আনহাতে বিজেপিৰ শাসনত থকা উত্তৰ প্ৰদেশৰ ঘোষী বিধানসভা আসনত সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী সুধাকৰ সিং জয়ী হোৱাৰ বিপৰীতে পৰাভূত হৈছে বিজেপিৰ প্ৰাৰ্থী দাৰা সিং চৌহান ৷

উত্তৰাখণ্ডৰ বাগেশ্বৰ বিধানসভা আসনত বিজেপিয়ে জয়লাভ কৰাৰ বিপৰীতে পশ্চিম বংগৰ ধূপগুৰি বিধানসভা আসনত প্ৰথম কে’বাটাও ৰাউণ্ডত বিজেপি প্ৰাৰ্থী গৰাকী আগবাঢ়ি আছিল যদিও অৱশেষত শেষ হাঁহি মাৰে টিএমচিয়ে

কেৰালাৰ পুথুপল্লীত কংগ্ৰেছ প্ৰাৰ্থী চাণ্ডী ওম্মানে বিজয়ৰ হাঁহি মাৰে। ইপিনে ঝাৰখণ্ডৰ ডুমৰি বিধানসভা আসনত জে এম এম প্ৰাৰ্থীয়ে অগ্ৰগতি অব্যাহত ৰাখিছে৷

উল্লেখ্য যে, সাতটা বিধানসভা সমষ্টিৰ বাবে উপ-নিৰ্বাচন বুধবাৰে অনুষ্ঠিত হৈছিল। উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সাতখন বিধানসভা আসন হৈছে ত্ৰিপুৰাৰ বাক্সনগৰ আৰু ধনপুৰ, উত্তৰাখণ্ডৰ বাগেশ্বৰ, উত্তৰ প্ৰদেশৰ ঘোচি, কেৰালাৰ পুথুপল্লী, পশ্চিম বংগৰ ধুপগুৰি, ঝাৰখণ্ডৰ দুমৰী ।

Exit mobile version