Biswajit Daimary:বিটিআৰত সমান্তৰাল বিজেপি গঠনৰ তৎপৰতা বিধানসভাৰ অধ্যক্ষ দৈমাৰীৰ

বিটিআৰৰ বিজেপি নেতাক লৈ ভূটানত বৈঠক, ৰাজ্যিক নেতৃত্বৰ লগতে উপেক্ষা পাঁচ জিলাৰ সভাপতিক, কোকৰাঝাৰত বৈঠক সমন্বয়ৰক্ষী সমিতিৰ

biswajit daimary

Biswajit Daimary:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ নেতৃত্বত বিজেপিয়ে অসমত দলক শক্তিশালীকৰণৰ তৎপৰতা অব্যাহত ৰখাৰ মাজতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিটিআৰত আন এক সমান্তৰাল সংগঠন গঢ়ি তোলাৰ তৎপৰতা অব্যাহত ৰাখিছে ।

ইয়াকে লৈ ৰাজ্যিক বিজেপিত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। বিধানসভাৰ অধ্যক্ষ হিচাপে দলীয় ৰাজনীতিৰ উর্ধ্বত থকাৰ নীতিকো উলংঘা কৰি দৈমাৰীয়ে বিটিআৰৰ পাঁচখন জিলাৰ বিজেপিৰ বিধায়ক, প্রাক্তন বিধায়ক, সকলো কার্যবাহী সদস্য, এমচিএলএ, প্রাক্তন এমচিএলএ, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি-সম্পাদকসকলক লৈ এই তৎপৰতা অব্যাহত ৰাখিছে।

এইসকলক লৈ যোৱা ন আগষ্টত ভূটানৰ ছানপ জংখাৰস্থিত হোটেল মাউন্টেইনত এখন সভাও অনুষ্ঠিত কৰে। ইয়াত কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই সভাৰে এক অংশ হিচাপে যোৱা দুই ছেপ্টেম্বৰত গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত কৰাৰ পাছত কাইলৈ আন এখন গুৰুত্বপূৰ্ণ সভা পুৱা ১১ বজাত কোকৰাঝাৰ জিলা বিজেপি কার্যালয়ত অনুষ্ঠিত হ’ব। এই সভাত বিটিচি অঞ্চলৰ দলৰ অনুসূচিত জনজাতি মৰ্চাৰ পৰিকল্পনাৰ বিষয়ে আনুষ্ঠানিকভাৱে আলোচনা কৰা হ’ব ।

উল্লেখ্য যে ভূটানত অনুষ্ঠিত বৈঠকখনত বিটিআৰৰ অন্তৰ্ভুক্ত কোকৰাঝাৰ, বাগ্‌সা, চিৰাং, ওদালগুৰি আৰু তামুলপুৰৰ জিলা সভাপতিসকলক আহ্বায়ক হিচাপে লৈ এখন সমন্বয়ৰক্ষী সমিতি গঠনৰ সিদ্ধান্ত লৈ গঠনো কৰা হয়। হ বিটিআৰৰ কাৰ্যবাহী সদস্য ৰেও ৰেওৱা নাৰ্জাৰীক সমন্বয়ৰক্ষী সমিতিখনৰ মুখ্য আহ্বায়কৰূপে মনোনীত কৰা হয়।

আনহাতে, উপ-আহ্বায়ক হিচাপে প্ৰাক্তন বিধায়ক বনেন্দ্ৰ মুছাহাৰীক মনোনীত কৰা হয়। সমিতিৰ সদস্যসকল হ’ল ক্ৰমে ণা ৰণেন্দ্ৰ নাৰ্জাৰী, বিজিত গৌৰা নাৰ্জাৰী, ভবেন্দ্ৰ বড়ো, ৰাজীৱ ব্ৰহ্ম, প্রভাত বসুমতাৰী, দণ্ডি ৰাভা, ৰঞ্জিত কেৰ্কেটাৰী, অতিন হাজং, ৰমেশ দাস, ফুংখা দৈমাৰী আৰু উকুন্দাই মুছাহাৰী।

তদুপৰি বিটিআৰৰ পাঁচখন জিলাৰ বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ সভাপতি-সম্পাদকসকলকো এই সমিতিত অন্তর্ভুক্ত কৰা হৈছে লক্ষ্যণীয়ভাৱে জিলাকেইখনৰ দলৰ সভাপতিসকলক ইয়াৰ পৰা আঁতৰাই ৰখা হয়। সভাত বিটিআৰত বিজেপিৰ অনুসূচিত জনজাতি মৰ্চাৰ জৰিয়তে সময়ে সময়ে কিছুমান বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰাৰো সিদ্ধান্ত লোৱা হয়।

অনুসূচিত জনজাতিৰ সাধাৰণ লোকৰ মাজত বিজেপিৰ কৰ্মকৰ্তাৰ সুসম্পৰ্ক গঢ়ি তোলাৰ বাবেও আহ্বায়ক সমিতিয়ে প্রয়োজনীয় সকলো পদক্ষেপ আৰু পৰিকল্পনা গ্রহণ কৰিব বুলিও এই বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয়।

তদুপৰি বিজেপিৰ জিলা আৰু মণ্ডল পৰ্যায়ৰ সকলো বৈঠকত আহ্বায়ক সমিতিৰ সদস্য, বিধায়ক, প্রাক্তন বিধায়ক, কার্যবাহী সদস্য, উপাধ্যক্ষ, এমচিএলএ আৰু প্ৰাক্তন এমচিএলৰ উপস্থিতিও বাধ্যতামূলক কৰাৰ আন এক সিদ্ধান্ত এই বৈঠকত গ্ৰহণ কৰা হয় ।

Exit mobile version