G-20 Summit Begins In Delhi Today:আজিৰ পৰা দিল্লীত আৰম্ভ G-20 শীৰ্ষ সন্মিলন

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন, বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাককে সহ ২৯ খন দেশৰ ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ সন্মিলনত, “ইণ্ডিয়া” নহয় “ভাৰত, জি-২০ সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আসনৰ সন্মুখত “ইণ্ডিয়া”ৰ সলনি “ভাৰত” নাম ফলক

g20 1 3

G-20 Summit Begins In Delhi Today:

আজিৰ পৰা দিল্লীত আৰম্ভ হৈছে G-20 শীৰ্ষ সন্মিলন ৷ মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেন, বৃটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ পিছিডা, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো,বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা সহ ২৯ খন দেশৰ ৰাষ্ট্ৰপতি–প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ সন্মিলনত ৷

আজিৰ পুৱা ন বজাৰ পৰা দিল্লীৰ ‘ভাৰত মণ্ডপম’ত আৰম্ভ হৈছে জি–২০ শিখৰ সন্মিলনৰ মুল বৈঠক ৷ পুৱা ভাগতে ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী মোদী উপস্থিত হৈ  জি-২০ সন্মিলনত অংশগ্ৰহণৰ বাবে অহা ৰাষ্ট্ৰপ্ৰধান সকলক ভাৰত মণ্ডপমৰ গে’টত উষ্ম আদৰণি জনায়।

উল্লেখ্য যে,জি-২০ৰ “এক পৃথিৱী, এক পৰিয়াল এজেণ্ডাক’লৈ পুৱাৰ ভাগত অনুষ্ঠিত প্ৰথমলানিৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত দেখা গ’ল ‘‍BHARAT’ নামফলক।

অথচ অফিচিয়েলি নাম হ’ব লাগিছিল’ ইণ্ডিয়া’ ৷ বিশ্বৰ ২৯ খন দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ সন্মুখত ইণ্ডিয়াৰ সলনি ‘ভাৰত’ কৰাক লৈ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ পূৰ্বে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠক সমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত দেখা গৈছিত’ইণ্ডিয়া’ নাম ফলক ৷

আনহাতে ,আজি নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে ২৯ খন দেশৰ ৰাষ্ট্ৰ প্ৰধানৰ সন্মানাৰ্থে আয়োজন কৰিছে বিশেষ অভ্যৰ্থনা ৷

Exit mobile version