Cbi Constable Arrested In Kachua:আৰক্ষীৰ পিছত চিবিআইৰ কালিমা সানিলে কনিষ্টবলে

চিবিআইৰ গোচৰৰ পৰা ৰেহাই দিয়াৰ বিনিময়ত ধন দাবী আটক চিবিআই কনিষ্টবল

cbi

Cbi Constable Arrested In Kachua:

চিবিআইৰ গোচৰৰ পৰা ৰেহাই দিয়াৰ ভাবুকিৰে ধন দাবী কৰা এজন চিবিআইৰ কনিষ্টবল অৱশেষত আৰক্ষী জালত পৰে ৷

নগাঁৱৰ কামপুৰ কছুৱাত আটক হোৱা চিবিআই কনিষ্টবল জনৰ নাম অনন্ত ভৰালী ৷ ধৃত ভড়ালীৰ ঘৰ শিৱসাগৰৰ ডিমৌত ৷ বৰ্তমান ছুটিত থকা ভড়ালীয়ে সোমবাৰে কামপুৰ বৰপানী অট’মবাইলৰ স্বত্বাধিকাৰ আব্দুল মালিকক ধন দাবী কৰিছিল ৷

উল্লেখ্য যে,মালেকৰ সন্দৰ্ভত এসময়ত প্ৰকাশ পাইছিল এটা বাতৰি। বাতৰিটোৰ আঁত ধৰি ব্যৱসায়ীজনৰ বিষয়ে অনন্ত ভৰালীয়ে সংগ্ৰহ কৰিছিল কেতবোৰ তথ্য।

স্মতৰ্ৱ্য যে,এটা ক্ৰিমিনেল গোচৰত অভিযুক্ত আছিল মালেক। এই গোচৰটোৰ পৰা মুক্ত কৰাৰ নামত অনন্ত ভৰালীয়ে দাবী কৰে ১০ হাজাৰ টকা। আনকি এই সন্দৰ্ভত ভৰালীয়ে ব্যৱসায়ীজনক কৈছিল “আপোনাৰ বিৰুৎ চিবিআইত এটি গোচৰ ৰুজু হৈ আছে , আমি তিনিজন আছো ,টকা পোন্ধৰ হাজাৰ যদি দিয়ে ইয়াতেই কেচটো শেষ কৰি দিম ”

আনহাতে এই সমস্ত বিষয় ব্যৱসায়ীজনে কছুৱা আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে অতি তৎপৰতাৰে নিজকে চিবিআইৰ কনিষ্টবল বুলি দাবী কৰা অনন্ত ভৰালীক আটক কৰে ৷

ইপিনে আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তত নিশ্চিত হয় যে আটকাধীন অনন্ত ভৰালী এজন কনিষ্টবল৷তেওঁ চিবিআই কনিষ্টবল হিচাপে গুৱাহাটীত নিয়োজিত হৈ আছিল ৷ এমাহৰ বাবে ছুটী লৈ ঘৰলৈ আহিছিল কনিষ্টবল অনন্ত ভড়ালী।

Exit mobile version