Chirang:চিৰাঙৰ ৰুণীখাটাত চাঞ্চল্যকৰ ঘটনা

আৰ্থিক দীনতাৰ বাবেই পুত্ৰ সন্তানক একলাখত বিক্ৰী দম্পতীৰ

arrested

Chirang:

নিজ জন্মদাত্ৰী পিতৃ-মাতৃয়ে বিক্ৰী কৰে নিজৰ সন্তানক ৷ এই অমানৱীয় ঘটনা সংঘটিত হয় চিৰাঙৰ খুংগ্ৰীং গাঁৱত ৷

আৰ্থিক দৈনতাৰ বাবেই চিৰাঙৰ ৰুণীখাটাৰ খুংগ্ৰীং গাঁৱৰ বাসিন্দা অবিনাশ বৰগয়াৰীয়ে একলাখ টকাৰ বিনিময়ত দুই পুত্ৰ সন্তানক বিক্ৰী কৰে ৷

উল্লেখ্য যে,প্ৰথমটো ডেৰবছৰীয়া পুত্ৰ সন্তানটি ৪০ হেজাৰত বিক্ৰী কৰে ২০২২ৰ নৱেম্বৰত ৷ আনহাতে দ্বিতীয়টো পুত্ৰ সন্তান বিক্ৰী কৰে চলিতবৰ্ষৰ জুলাই মাহত ৬০ হেজাৰ টকাৰ বিনিময়ত

ইতিমধ্যে আৰক্ষী জালত পৰা অবিনাশ বৰগয়াৰীয়ে আৰক্ষীক সদৰি কৰা মতে,ঢেকীয়াজুলিৰ নীৰন স্বৰ্গীয়াৰী নামৰ লোকজনৰ ওচৰত বিক্ৰী কৰে শেহতীয়া সন্তানটি ৷

সাংবাদিকৰ আগত অবিনাশ বৰগয়াৰীয়ে সদৰি কৰা মতে, আৰ্থিক দৈন্যৰ বাবেই তেওঁলোকে সন্তান দুটি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল ৷

ইতিমধ্যে আৰক্ষীয়ে অবিনাশ বৰগয়াৰীয়ে দিয়া স্বীকাৰোক্তি অনুসৰি ইতিমধ্যে শিশু ক্ৰয় কৰা দুজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেল হাজোতলৈ

Exit mobile version