Gmc Drive Against Illegal Fish-Meat Shops:অবৈধ মাছ-মাংসৰ দোকানৰ বিৰুদ্ধে মহানগৰীত পৌৰ নিগমৰ অভিযান

gmc

Gmc Drive Against Illegal Fish-Meat Shops:

অবৈধ মাছ-মাংসৰ দোকানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে বুধবাৰে মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ।

ADVERTISEMENT

মহানগৰীৰ কামাখ্যা গেট, পাণ্ডু,ভৰলুমুখ, ভূতনাথকে ধৰি কেতবোৰ অঞ্চলৰ মুঠ ৬১খন দোকানৰ বিৰুদ্ধে অভিযান চলাই পৌৰ নিগমে।

উল্লেখ্য যে,এই অভিযানত বহু কেইখন দোকানৰ অনুজ্ঞাপত্র বাতিল কৰাৰ লগতে অবৈধ দোকানৰ বিৰুদ্ধে পৌৰনিগমৰ জৰিমনা বিহে ৩২,৫০০ টকা পৰ্যন্ত ।

জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াই জানিব দিয়া মতে,অবৈধ দোকানৰ বিৰুদ্ধে সমগ্ৰ মহানগৰতে ধাৰাবাহিকভাৱে অভিযান অব্যাহত থাকিব৷ পৌৰ নিয়ম উলংঘা কৰা ব্যৱসায় প্ৰতিষ্ঠানৰ বিৰুদ্ধে পৌৰ আইন অনুসৰি কাৰ্য ব্যৱস্থা লোৱাৰ ইংগিত দিয়ে।

Exit mobile version