Heroin Seize In Mizuram:মিজোৰাম আৰক্ষীৰ জালত হিৰ’ইন সহ ম্যানমাৰৰ নাগৰিক

drugs paddlear arrested

Heroin Seize In Mizuram:

প্ৰতিবেশী ৰাজ্য মিজোৰাম আৰক্ষীৰ জালত হিৰ’ইন সহ ম্যানমাৰৰ নাগৰিক ৷ ৰাজ্য খনৰ চাম্পাই আৰক্ষীয়ে খানকাউন আৰক্ষী চেক গেটত এম জেদ-০১-চি-৮৫৯১ নম্বৰৰ এখন বলেনো বাহনত চলোৱা নিয়মীয়া তালাচীত জব্দ কৰে ৩১টা চাবোনৰ বাকচত ভৰাই থোৱা বুজন পৰিমাণৰ হেৰ’ইন ।

জব্দকৃত চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ৪১০ গ্ৰাম হেৰ’ইন জব্দ কৰা হয়। উল্লেখ্য যে হেৰ’ইনখিনি বলেৰ’ বাহনখনৰ স্পেয়াৰ টায়াৰৰ টিউবৰ ভিতৰত লুকুৱাই অনা হৈছিল ৷

হেৰ’ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালক ম্যানমাৰৰ খৱমইৰ বাসিন্দা লালথাং ভুংগাক ৷ মিজো আৰক্ষীয়ে আটকাধীন ম্যানমাৰৰ ড্ৰাগছ সৰবৰাহকাৰী জনৰ বিৰুদ্ধে এনডিপিএছ আইন আৰু বিদেশী আইনৰ অধীনত পঞ্জীয়ন কৰিছে গোচৰ

ইতিমধ্যে ধৃত পেডলাৰজনক অধিক তথ্যৰ বাবে মিজো আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version