Public Pratest In Bajali:বজালী জিলা ঘোষণা নকৰাত পাঠশালাত উত্তাল প্ৰতিবাদ

কে'বাজনো প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ, শীৰ্ঘেই মুকলি নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ বজালী আছুৰ

bajali pratest 2

Public Pratest In Bajali:

জিলা ঘোষণা নকৰাক লৈ পাঠশালাত উত্তাল প্ৰতিবাদ ৷ বজালী জিলা ঘোষণাক কেন্দ্ৰ কৰি চৰকাৰৰ বিভ্ৰান্তিকৰ স্থিতিক লৈ ৰাইজ ক্ষোভিত হৈ আছিল ৷

বুধবাৰে ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠন আৰু ৰাইজে। বজালী জিলা কোনো কাৰণতে এৰি নহ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷

আনহাতে পথ অৱৰোধৰে তীব্ৰ প্ৰতিবাদ কৰা বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহ:সম্পাদক মৃদুল তালুকদাৰ, কুশল ৰয়ক আটক কৰে আৰক্ষীয়ে।

ইপিনে ২০ মিনিটৰ ভিতৰত আটকাধীন প্ৰতিবাদকাৰীক মোকলাই নিদিলে ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰাৰ হুংকাৰ বজালী আছুৰ ৷

Exit mobile version