DGP :পাঠশালাত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা l অকল আনন্দ মিশ্ৰই নহয় এতিয়াৰে পৰা সকলো আৰক্ষী অধীক্ষকে কৰিব লাগিব মুখ বন্ধ l
অসমৰ কোনো জিলা আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত দিব নোৱাৰিব মন্তব্য l আৰক্ষীয়ে কি কৰিছে সেয়া ৰাইজে সেয়া নিৰ্ধাৰণ কৰিব, আৰক্ষীয়ে নিজৰ কথা জনাব নালাগে l
প্ৰত্যেক জিলাতে নিয়োগ কৰা হ’ব আৰক্ষীৰ মুখপাত্ৰ l সংবাদ মেলত প্ৰয়োজন সাপেক্ষে মুখপত্ৰই বক্তব্য ৰাখিব l আনকি নিজেও সততে সংবাদমেল অবিহনে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰখাৰ পৰা বিৰত থাকিৱ বুলি ঘোষণা আৰক্ষী সঞ্চালক প্ৰধানৰ l
অহা সপ্তাহৰ ভিতৰতে জোনমণি ৰাভাৰ গোচৰ চি বি আই লৈ হস্তান্তৰ কৰা হ’ব বুলি ও ঘোষণা আৰক্ষী সঞ্চালক প্ৰধানৰ lপূৰ্বে কেনাৰাম বসুমতাৰী বুলি যি জন যুবকক হত্যা কৰা হৈছিল তেওঁও নিৰ্দোষী নাছিল বুলি প্ৰকাশ কৰা জি পি সিং এ l
পাণবাৰী ঘটনা সন্দৰ্ভতো মন্তব্য জি পি সিংৰ l অৰুনাচল আৰক্ষী অধীক্ষকৰ সতে বাৰ্তালাপ কৰি পাচঁ জন গ্ৰেপ্তাৰ হোৱাৰ কথা দোহাৰে l
নলবাৰী টিহুৰ আৰক্ষীৰ নিৰ্লজ কাণ্ড সন্দৰ্ভত নলবাৰী আৰক্ষী অধীক্ষকক ব্যৱস্থা হাতত ল’বলৈ নিৰ্দেশ জি পি সিং l যি সকল আৰক্ষীৰ উপ-পৰিদৰ্শকে এক জুনৰ ভিতৰত সম্পতিৰ হিছাপ দাখিল কৰা নাই তেনে আৰক্ষীক থানা আৰু আৰক্ষী চকীত নিযুক্তি নিদিবলৈ নিৰ্দেশ সঞ্চালক প্ৰধানৰ l
ইতিমধ্যে৯০ ৰ পৰা ৯৫ % শতাংশ আৰক্ষী উপ-পৰিদৰ্শকে হিচাপ দাখিল কৰা বুলি মন্তব্য l উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আজি পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সভাকক্ষত আজি আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ ক্ৰাইম কনফাৰেঞ্চ অনুষ্ঠিত হৈ যায় l
আজি পাচঁ খন জিলা বৰপেটা, বজালী, তামুলপুৰ, নলবাৰী আৰু বাকছা জিলা আৰক্ষী অধীক্ষক আৰু চি আই ডিৰ শীৰ্ষ বিষয়া উপস্থিত থাকে l