Illegal Gold Seized In Guwahati:গুৱাহাটীত গ্ৰেপ্তাৰ চোৰাং সোণ সহ ৰাজস্থানৰ সৰবৰাহকাৰী

gold seized 1

Illegal Gold Seized In Guwahati:

গুৱাহাটী মহানগৰ আৰক্ষীয়ে শেহতীয়াকৈ দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

বৃহস্পতিবাৰে পুৱাই মহানগৰ আৰক্ষী আৰু বিশেষ টাস্ক ফৰ্ছে যোৰাবাটত এখন বাহনত হঠাতে চলোৱা যৌথ অভিযানত ৪ জনকৈ চোৰাং সোণ সৰবৰাহকাৰী  গ্ৰেপ্তাৰৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় ৫০০ গ্ৰাম চোৰাং সোণ।

ধৃত সৰবৰাহকাৰী কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি চোৰাং সৰবৰাহকাৰীসকল ক্ৰমে মহম্মদ ইউছুফ (৩৮) , বীৰু সিং,ইনায়ট আলী (৩০), জন্নত বেগম (৫৬), ।

স্মতৰ্ৱ্য যে, আটকাধীন মহিলা সহ দুই সৰবৰাহকাৰীৰ ঘৰ ৰাজস্থানৰ বিপৰীতে বীৰু সিং নামৰ বাহন চালকজনৰ ঘৰ মেঘালয়ৰ ইষ্ট খাচী হিলছত ৷

ইতিমধ্যে ধৃত সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version