Illegal Gold Seized In Guwahati:
গুৱাহাটী মহানগৰ আৰক্ষীয়ে শেহতীয়াকৈ দুৰ্ধৰ্ষ অপৰাধীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ।
বৃহস্পতিবাৰে পুৱাই মহানগৰ আৰক্ষী আৰু বিশেষ টাস্ক ফৰ্ছে যোৰাবাটত এখন বাহনত হঠাতে চলোৱা যৌথ অভিযানত ৪ জনকৈ চোৰাং সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় ৫০০ গ্ৰাম চোৰাং সোণ।
ধৃত সৰবৰাহকাৰী কেইজনৰ ভিতৰত এগৰাকী মহিলাও আছে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি চোৰাং সৰবৰাহকাৰীসকল ক্ৰমে মহম্মদ ইউছুফ (৩৮) , বীৰু সিং,ইনায়ট আলী (৩০), জন্নত বেগম (৫৬), ।
স্মতৰ্ৱ্য যে, আটকাধীন মহিলা সহ দুই সৰবৰাহকাৰীৰ ঘৰ ৰাজস্থানৰ বিপৰীতে বীৰু সিং নামৰ বাহন চালকজনৰ ঘৰ মেঘালয়ৰ ইষ্ট খাচী হিলছত ৷
ইতিমধ্যে ধৃত সৰবৰাহকাৰী কেইজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷