Mysterious Death Of Women In Dhamdhama:ধমধমাত মহিলাৰ ৰহস্যজনক মৃত্যু

suicide 22

Mysterious Death Of Women In Dhamdhama:

নিশা স্বামী ঘৰত নথকা অৱস্থাত মৃত়্যুক আকোৱালি লয় মহিলাগৰাকী ৷ পুৱা স্বামী কীৰ্তন ৰুদ্ৰ শৰ্মাই মহিলাগৰাকীক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷

মৃত মহিলাগৰাকীৰ ওচৰত বিষাক্ত কীটনাশক দ্ৰব্য আৰু এটি কাপ প্ৰত্যক্ষ কৰে ৷ দুই ভৰিত বান্ধি থোৱা অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷ মৃত মহিলাগৰাকীৰ নাম মমতা দেৱী ৷

নলবাৰী জিলাৰ ধমধমাৰ ভেলামাৰীত সংঘটিত হয় এই ঘটনা ৷ ঘটনাস্থলীত ধমধমা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ এয়া আত্মহত্যা নে হত্যাকাণ্ড সেয়া আৰক্ষীৰ সঠিক তদন্ততহে ওলাই পৰিব ৷

Exit mobile version