Silchar Nit Incident:শিলচৰ এন আই টিত এজন ছাত্রৰ আত্মহত্যাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি

অনিৰ্দিষ্টকাললৈ প্রতিষ্ঠান বন্ধ কৰি দিয়াৰ ঘোষণা, কে'বা শতাধিক শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে শিক্ষা প্রতিষ্ঠানখনৰ ডীন বিনয়কৃষ্ণ ৰয়ৰ বাসগৃহ, অনিৰ্দিষ্টকাললৈ এন আই টি বন্ধৰ ঘোষণা কৰ্তৃপক্ষৰ

silchar 1

Silchar Nit Incident:

এজন ছাত্রৰ চৰমপন্থাক কেন্দ্র কৰি শুক্ৰবাৰে নিশা শিলচৰ এন আই টিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কে’বা শতাধিক শিক্ষাৰ্থীয়ে

ক্ষুব্ধ শিক্ষাৰ্থীয়ে ঘেৰাও কৰিলে এন আই টিৰ ডীন বিনয়কৃষ্ণ ৰয়ৰ বাসগৃহ।

আনকি উত্তেজিত শিক্ষাৰ্থীয়ে ডীন গৰাকী আৰু তেওঁৰ পৰিয়ালক চৰকাৰী বাসগৃহত আৱদ্ধ কৰি লণ্ড-ভণ্ড কৰে বাহন ৷

প্ৰতিষ্ঠান খনৰ চৌহদত শিক্ষাৰ্থীৰ যুদ্ধদেহিং স্থিতিৰ পাছতে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা কৰে যদিও আৰক্ষীক ফেপেৰি পাতি ধৰাত আৰক্ষীয়ে লাঠিচাৰ্জ কৰে।

ইয়াৰ পাছতে পৰিস্থিতি বেয়াৰ পিনে গতি কৰে ৷ একাংশ শিক্ষাৰ্থীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে ৷ আৰক্ষী আৰু শিক্ষাৰ্থী মাজত সৃষ্টি হোৱা হতাহতিৰ ফলত কে’বাজনো আৰক্ষী আৰু শিক্ষাৰ্থী আহত হয় ৷

ইপিনে ঘটনাস্থলীত কাছাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলায় যদিও পুনৰ উত্তেজিত শিক্ষাৰ্থী ভাঙি লণ্ড-ভণ্ড কৰে কে’বা খনো বাহন ৷

আনহাতে প্ৰতিষ্ঠান খনত সংঘটিত এই অনাকাংক্ষিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এন আই টিৰ কৰ্তৃপক্ষই তৎকালীনভাৱে কাৰ্যকৰী হোৱাোকৈ অনিৰ্দিষ্টকাললৈ প্রতিষ্ঠানখন বন্ধৰ ঘোষণা কৰে ৷ বৰ্তমানেও চেপা উত্তেজনা অব্যাহত আছে এন আই টি চৌহদত ৷

Exit mobile version