Youth Killed After  Being Hit By Train In Ghagrapar:ঘগ্ৰাপাৰত ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যু

ghagrapar

Youth Killed After  Being Hit By Train In Ghagrapar:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰে’ল ষ্টেছন’ৰ সমীপৰ পশ্চিম দিশত আজি ৩-৩০ মান বজাত ৰে’লৰ পথ অতিক্ৰম কৰিব লওঁতে এজন যুৱকৰ মৃত্যু হয় ৷ দুৰ্ঘটনাটোত নিহত যুৱক জন দেহাৰকুছি গাওঁ পঞ্চায়তৰ অন্তৰ্গত চতমা গাৱঁৰ নামখালা চুবুৰিৰ বিদ্যুত পৰিষদৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নৰেশ্বৰ শৰ্মাৰ পুত্ৰ কৌশিক শৰ্মা(২৬) বুলি জানিব পৰা গৈছে ৷

জানিব পৰা মতে ঘগ্ৰাপাৰ ৰে’ল ষ্টেচনৰ পশ্চিম দিশত অচিনাক্ত যুৱক ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি ঘগ্ৰাপাৰ ষ্টেচন মাষ্টৰে ৰে’ল আৰক্ষীক অৱগত কৰে।

পাছত ৰঙিয়া ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইতিমধ্যে যুৱকজনক মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অঞ্চলটোত শোকৰ বন্যা বৈছে ৷

Exit mobile version