Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

sneezing

Sneezing Unceremoniously:

হাঁচিৰ সমস্যা থাকিলে নহৰুৰ দ্বাৰাও উপকাৰ পাব। এলাৰ্জিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে নহৰুৰ বিকল্প নাই। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে।

ঠাণ্ডা লাগিয়ে হওক, এলাৰ্জিৰ পৰাই হওক বা কোনো গোন্ধৰ কাৰণেই হওক, হাঁচি অতি সাধাৰণ এক বিষয়।

কিন্তু বহুতৰ ক্ষেত্ৰতে দেখা যায় যে এবাৰ হাঁচি আৰম্ভ হ’লে ৰখাৰ নামেই নলয় । গুৰুত্বপূর্ণ বৈঠক বা ৰাজহুৱা স্থানত এইদৰে অনর্গলভারে হাঁচি মাৰি থকাটো অত্যন্ত অসস্তিদায়ক। অৱশ্যে কেতবোৰ সাধাৰণ ঘৰুৱা উপায়েৰে এই সমস্যাৰ পৰা ৰেহাই পাব পাৰি।

⇒ যিসকলৰ হাঁচি একেবাহে চলি থাকে, তেওঁলোকৰ শৰীৰত জিংকৰ অভাৱ আছে। জিংক ছাপ্লিমেন্ট সেৱন কৰিলে সমস্যা দূৰ হ’ব। বাদাম বা বিভিন্ন বীজ খাব পাৰে। এই সকলোবোৰত প্ৰচুৰ জিংক থাকে।

⇒ নিয়মিতভাবে আমলখি খাব। আমলখিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। চর্দি-কাহৰ প্ৰৱণতা হ্রাস কৰে। দিনে তিনিবাৰ আমলখিৰ ৰস পান কৰিব। পুৱা উঠি আদা আৰু তুলসী পাতৰ ৰসো এই ক্ষেত্ৰত অত্যন্ত উপকাৰী। তিনি-চাৰিটা তুলসীৰ পাত, এটুকুৰা সৰু আদা একাপ পানীত উতলাই লৈ সেই পানী পান কৰিব পাৰে।

⇒ হাঁচিৰ সমস্যা থাকিলে নহৰুৰ দ্বাৰাও উপকাৰ পাব। এলাৰ্জিৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে নহৰুৰ বিকল্প নাই। নহৰুৱে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। ঘিৰ স’তে নহৰু পাতলকৈ ভাজি সেইখিনি গৰম ভাতত সানি যাব, ততালিকে উপকাৰ পাব।

Exit mobile version