Morigaon Murder:নৃশংস হত্যাকাণ্ড !

স্বামী ঘৰত নথকা সূযোগত এমহীয়া সন্তানৰ মাতৃক ধৰ্ষণ কৰি হত্যা নৰপিশাচৰ

morigaon murder

Morigaon Murder:

পবিত্র গণেশ চতুৰ্থীৰ দিনাই মৰিগাঁওত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড
এমহীয়া শিশুৰ মাতৃক ঘৰত কোনো নথকাৰ সূযোগ গ্ৰহণ কৰি দুৰ্বৃত্তই ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

মৰিগাঁও পচতিয়া উষা চাৰিআলিত সংঘটিত এই ঘটনাৰ পাছতে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

উল্লেখ্য যে,মহিলাগৰাকীৰ স্বামী গুদামত নিশা চিকৰিটী গার্ড হিচাপে কৰ্মৰত হৈ আছিল ৷সেই সময়ত নৃশংসতাৰ বলী হোৱা মহিলা গৰাকী ঘৰত এমহীয়া শিশুটিৰ স’তে অকলে আছিল ৷

মৃত মহিলা গৰাকীক নাম নিকিতা দেৱী৷ স্মতৰ্ৱ্য যে, মহিলা গৰাকীৰ ভাড়াঘৰত আজি পুৱাতে আত্মীয়ৰ লোকে খবৰ ল’বলৈ আহি প্ৰত্যক্ষ কৰে মহিলাগৰাকীৰ মৃতদেহ।

আত্মীয়ই জানিবলৈ দিয়া মতে, মৃত মহিলাগৰাকী উলংগ অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৷ নিহত মহিলা গৰাকীৰ নাম নিকিতা দেৱী বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে৷ মৰনোত্তৰ পৰীক্ষা আৰু আৰক্ষীৰ ক্ষীপ্ৰ তদন্তই পোহৰলৈ আনিব প্ৰকৃত ঘটনা ৷

Exit mobile version