Dhakuakhana :ঢকুৱাখনাত মাছমৰীয়াৰ জালত ৬২ কিলোগ্ৰাম ওজনৰ বিশালকায় মাছ

চাৰিকড়ীয়াৰ বুকুত উদ্ধাৰ ৬২ কেজিৰ গৰুৱা মাছ

fish 1

Dhakuakhana :

ADVERTISEMENT

ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ বুকুৰ পৰা উদ্ধাৰ ৬২ কিলোগ্ৰাম ওজনৰ বিশালকায় গৰুৱা মাছ।

সোণাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত চাওৰুকিয়া গাঁৱৰ বগা চুতীয়া নামৰ এজন কৃষকে চাৰিকড়ীয়া নৈৰ বুকুত পাতি থৈছিল এখন জাল ৷

মঙলবাৰে নিশাই জালত বন্দী হয় বিশালকায় গৰুৱা মাছটো। বুধবাৰে পুৱা চুতীয়াই জাল চাবলৈ গৈ দেখে জালত পৰিছে এটা বিশাল মাছ ৷পাছত বহু প্ৰচেষ্টাৰ অন্তত জাল খন নৈৰ বুকুৰ পৰা পৰা পাৰলৈ আনি বিশাল গৰুৱা মাছটো প্ৰত্যক্ষ কৰে।

পাছত মাছটো এখন মটৰ চাইকেলৰ পিছফালে বান্ধি চুতীয়াই লৈ যায় সোণাৰী চাপৰিৰ দৈনিক বজাৰলৈ । তাত এজন থলুৱা মাছ বেপাৰীক ২০ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে ৷

আনহাতে থলুৱা মাছ বিক্ৰেতা জনৰ পৰা গ্ৰাহকে প্ৰতিকেজিত ৫০০ টকাকৈ ক্ৰয় কৰে ৷ উল্লেখ্য যে ,মাছটো চাবলৈ বুধবাৰে পুৱা বহুলোকৰ আগমন ঘটে সোণাৰী চাপৰি দৈনিক বজাৰলৈ ৷

Exit mobile version