Fatal Accident on Mariani – Nagaland Road:মৰিয়নী- নাগালেণ্ডৰ পথত ভয়ংকৰ দুৰ্ঘটনা

ট্ৰাক আৰু টাটা ছুম’ৰ মুখামুখি সংঘৰ্ষ ফলত ২০০ ফুট খাৱৈত বাগৰি পৰে দুয়োখন বাহন, থিতাতে নিহত ছুম’ৰ ১০ যাত্ৰী,ট্ৰাক চালক আৰু হেণ্ডিমেনৰ অৱস্থা সংকটজনক

accident 3

Fatal Accident on Mariani – Nagaland Road:

মৰিয়নী–নাগালেণ্ড পথত ভয়ংকৰ দুৰ্ঘটনা ৷ চুবুৰীয়া ৰাজ্য খনৰ ঝনহেতুৰ পৰা আগ্নাধা পথত আজি দিনৰ এঘাৰ বজাত মালবাহী ট্ৰাক আৰু যাত্ৰীবাহী ছুম’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ট্ৰাক আৰু ছুম’বাগৰি পৰে ২০০ ফুট তলৰ খাৱৈত

ট্ৰাকৰ চেপাত থিতাতে শোকাৱহ মৃত্যু ঘটে ছুম’ খনৰ চালক সহ ১০ যাত্ৰী ৷ আনহাতে ভয়াৱহ দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হয় ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন ৷ ইতিমধ্যে ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

নিশাৰে পৰা অব্যাহত থকা প্ৰৱল বৃষ্টিপাত আৰু দুৰ্গম পথৰ বাবে ভয়াৱহ দুৰ্ঘটনাটি সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

আনহাতে দুৰ্গম অঞ্চল আৰু নেৰানেপেৰা বৰষুণৰ বাবে বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযান৷ এই পৰ্যন্ত ট্ৰাকৰ চেপাত আবদ্ধ হৈ থকা ছুম’খনৰ মৃতদেহ সমূহ উদ্ধাৰ কৰিব পৰা নাই আৰক্ষী আৰু এছ ডি আৰএফ ৷

Exit mobile version