Fatal Accident on Mariani – Nagaland Road:
মৰিয়নী–নাগালেণ্ড পথত ভয়ংকৰ দুৰ্ঘটনা ৷ চুবুৰীয়া ৰাজ্য খনৰ ঝনহেতুৰ পৰা আগ্নাধা পথত আজি দিনৰ এঘাৰ বজাত মালবাহী ট্ৰাক আৰু যাত্ৰীবাহী ছুম’ৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ট্ৰাক আৰু ছুম’বাগৰি পৰে ২০০ ফুট তলৰ খাৱৈত ৷
ট্ৰাকৰ চেপাত থিতাতে শোকাৱহ মৃত্যু ঘটে ছুম’ খনৰ চালক সহ ১০ যাত্ৰী ৷ আনহাতে ভয়াৱহ দুৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত হয় ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেন ৷ ইতিমধ্যে ট্ৰাক খনৰ চালক আৰু হেণ্ডিমেনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
নিশাৰে পৰা অব্যাহত থকা প্ৰৱল বৃষ্টিপাত আৰু দুৰ্গম পথৰ বাবে ভয়াৱহ দুৰ্ঘটনাটি সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷
আনহাতে দুৰ্গম অঞ্চল আৰু নেৰানেপেৰা বৰষুণৰ বাবে বাধাগ্ৰস্ত হৈছে উদ্ধাৰ অভিযান৷ এই পৰ্যন্ত ট্ৰাকৰ চেপাত আবদ্ধ হৈ থকা ছুম’খনৰ মৃতদেহ সমূহ উদ্ধাৰ কৰিব পৰা নাই আৰক্ষী আৰু এছ ডি আৰএফ ৷