Orissa Cid Arrested In Batadova Youth:দেশবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত ওড়িশাৰ চিআই ডিৰ দ্বাৰা গ্ৰেপ্তাৰ বটদ্ৰৱাৰ যুৱক

Orissa Cid Arrested In Batadova Youth:

নগাঁৱত ওড়িশাৰ চিআই ডিৰ অভিযান ৷ দেশবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত ওড়িশাৰ চি আই ডিয়ে জাজৰী আৰক্ষীৰ সহযোগত বটদ্ৰৱা থানাৰ অন্তৰ্গত গেন্ধুৱা পথাৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ইকবাল হুছেইন নামৰ যুৱকজনক ৷

ADVERTISEMENT

ওড়িশাৰ চি আই ডিৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি আটকাধীন যুৱকজনে পাকিস্তানৰ এজন যুৱকৰ স’তে অনলাইনৰ জৰিয়তে দেশবিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখিছিল ৷

এই সম্পৰ্কে পৰ্যাপ্ত অভিযোগ ওড়িশাৰ চি আই ডিয়ে লাভ কৰাৰ পাছতে বুধবাৰে অভিযান চলাই চলাই নগাঁৱৰ বটদ্ৰৱাত

উল্লেখ্য যে,আটকাধীন যুৱকজনৰ ভাতৃয়ে সংবাদ মাধ্যমৰ আগতে এই অভিযোগ সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰি কয়,তেওঁৰ ভাতৃ এজন ই-ৰিক্সা চালক ৷ ইয়াৰ পূৰ্বে বাংগালোৰৰ এখন হোটেলত ৱেটাৰৰ কাম কৰিছিল ৷

কিন্ত কিছুমাহ পূৰ্বে ঘৰলৈ উভতি আহি বিবাহপাশত আবদ্ধ হৈ শেহতীয়াকৈ এখন ই-ৰিক্সা চলাই জীৱন যুদ্ধত নামি পৰিছিল ৷

আটকাধীন ইকবাল হুছেইনক বৰ্তমান জাজৰী আৰক্ষী জিন্মাত ৰখা হৈছে ৷ বৃহস্পতিবাৰে আদালতত হাজিৰ কৰি ওড়িশাৰ চি আই ডিয়ে নিজৰ জিন্মাত লৈ ওড়িশালৈ নিব পাৰে ৷

Exit mobile version