Indian Government Cancels Visa Service Of Canadian Citizen:কানাডাৰ নাগৰিকৰ ভিছা সেৱা বাতিল ভাৰতীয় বিদেশ মন্ত্ৰণালয়ৰ

অনির্দিষ্ট কাললৈ বন্ধ কৰা হৈছে এই ভিছা সেৱা, ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব কানাডাৰ নাগৰিকে

canada india conflict

Indian Government Cancels Visa Service Of Canadian Citizen:

ক্ৰমাৎ অধিক অৱনতি ঘটিছে ভাৰত-কানাডাৰ সম্পৰ্কৰ ৷ সুদীৰ্ঘ দিনে ইউৰোপীয়ান দেশখনৰে ভাৰতৰ থকা অগাধ বন্ধুত্ব জটিল কৰি তোলে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে

খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ বাবে কানাডিয়ান প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাৰতৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰি বহু অভিযোগ আনে ৷
ইয়াৰ পাছতে গৰজি উঠে ভাৰত ৷ লগে লগে দুয়োখন দেশৰ সংঘাত আৰম্ভ হয় ৷ বিবাদ হৈ পৰে তীব্ৰতৰ ৷

আনহাতে এনে বিবাদ ঘৰ্ণীভূত হোৱাৰ মাজত ভাৰত চৰকাৰে লয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সেই অনুসৰি ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কানাডিয়ান নাগৰিকৰ ভিছা সেৱা বাতিল কৰে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে ৷ অনির্দিষ্ট কাললৈ বন্ধ কৰা হৈছে এই ভিছা সেৱা ৷

মনকৰিবলগীয়া যে,যোৱা তিনিদিন ধৰি দুয়োখন দেশৰ কুটনৈতিক সম্পৰ্ক বিঘ্নিত হয় ৷ আনকি কানাডা চৰকাৰে ভাৰতীয় কূটনীতিবিদজনক বহিষ্কাৰ কৰে ৷ ইয়াৰ প্ৰতিষোধ স্বৰূপে ভাৰতেও দিল্লীস্থ কানাডিয়ান দূতাবাসৰ জ্যেষ্ঠ কুটনীতিবিদজনক পাঁচ দিনৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷

উল্লেখ্য যে,বিগত কেইবছৰ মানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ক্ৰমে কানাডিয়ান প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে তিনি সন্তান সহ সপত্নীক ভাৰত ভ্ৰমণ কৰিছিল ৷

শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনতো ভাগ লৈছিল কানাডিয়ান প্ৰধানমন্ত্ৰীজনে ৷

Exit mobile version