Junior Assistant Arrested In Tamulpur:পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে

অংগনৱাড়ী সহায়িকাৰ চাকৰি দিয়াৰ নামত উৎকোচ লৈ আটক কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱা

arrested 2

Junior Assistant Arrested In Tamulpur:

ৰাজ্যত এতিয়া যেন ঘোচ লোৱা প্ৰতিযোগিতা চলিছে ৷ ইজনৰ পাছত সিজনকৈ লোভীয়া ঘোচখোৰ বিষয়া- কৰ্মচাৰী দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পিছতো যেন শিকনি হোৱা নাই ৷

পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে ৷ উৎকোচ লওতেই গ্ৰেপ্তাৰ হয় সমাজ কল্যাণ বিভাগৰ আই চি ডি চি প্ৰকল্পৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱা ৷

তামুলপুৰৰ নাগ্ৰিজুলিৰ আই চি ডি চি প্ৰকল্পৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱাই অংগনবাড়ী কৰ্মী নিযুক্তি দিয়াৰ নামত সংগ্ৰহ কৰিছিল উৎকোচ ৷

ইতিমধ্যে দুৰ্নীতি নিবাৰকৰ জালত পৰা কনিষ্ঠ সহায়ক জনে কিমানজন লোকৰ ধন সংগ্ৰহ কৰিছে জানিব পৰা হোৱা নাই ৷ দুৰ্নীতি নিবাৰকৰ বিষয়াই আটকাধীন জ্যোতিৰ্ময় বৰুৱাক অধিক তথ্যৰ বাবে গুৱাহাটীস্থ কাৰ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে ৷

Exit mobile version