Tamilnadu Cm Son :সনাতন ধৰ্মক লৈ কৰা আপত্তিজনক মন্তব্যৰ বাবে

বিপদত তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ উদয়নিধি ষ্টালিন,তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

udaynidhi steleen

Tamilnadu Cm Son :

উদয়নিধি ষ্টালিন ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ পুত্ৰ ৷ তামিলনাডুৰ মন্ত্ৰী৷ তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে সময়ে সময়ে কেতবোৰ বিতৰ্কিত মন্তব্য কৰি উদয়নিধি ষ্টালিন বহুবাৰ পৰিছে আইনী মেৰপাকত

কিন্ত শেহতীয়াকৈ তামিলনাডুৰ মন্ত্ৰীজনে সনাতন ধৰ্মক ডেংগু মেলেৰিয়া, কৰ’ণাৰে ৰিজাইছিল । একেদৰে সনাতন ধৰ্মক নিঃশেষ কৰাৰো হুংকাৰ দিছিল ডিএম কে’ৰ যুৱ নেতাগৰাকীয়ে।

মুখ্যমন্ত্ৰী ষ্টালিনৰ পুত্ৰ উদয়নিধি ষ্টালিন আৰু আন এজন ডি এম কে নেতা এ ৰাজাৰ বিৰুদ্ধে কে’বাজনো কট্টৰ হিন্দুত্ববাদী নেতাই গোচৰ ৰজু কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত ৷
ইতিমধ্যে উচ্চতম ন্যায়ালয়ে উদয়নিধি ষ্টালিন, ডি এম কে নেতা এ ৰাজাৰ সহ কে’বাজনো ডিএম কে নেতালৈ জাৰি কৰে জাননী ৷

আনকি জাননী জাৰি কৰিছে তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কেন্দ্রীয় গৃহ মন্ত্ৰালয়লৈ।

Exit mobile version