Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে এই ঘোষণা কৰে ৱাহিদা ৰেহমানৰ নাম

yahida

Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:

বৰ্ষীয়ান অভিনেত্ৰী ৱাহিদা ৰহমানলৈ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা চলিতবৰ্ষৰ বাবে আগবঢ়োৱা হৈছে ৷

প্ৰৱীণ অভিনেত্ৰী গৰাকীৰ নাম আজি সামাজিক মাধ্যমযোগে কথা ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে।

উল্লেখ্য যে, ৬০-৭০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ সাৱলীল অভিনয়ে গুণমুগ্ধক আপ্লুত কৰিছিল। ৱাহিদা ৰেহমানে হিন্দী চলচ্চিত্ৰৰ উচ্চ প্ৰশংসিত প্যাছা’, ‘কাগজ কে ফল’, ‘চৌহদহী কা চান্দ’, ‘ছাহেব বিবি ঔৰ গুলাম’, ‘গাইড’, ‘খামোশী’ দুদান্ত অভিনয় কৰিছিল ৷

বৰ্ষীয়ান অভিনেত্ৰী গৰাকীয়ে তেওঁৰ পাঁচ দশকযোৰা ফিল্ম কেৰিয়াৰত নিজৰ সুন্দৰ অভিনয়ৰ বাবে অভিনেত্ৰীগৰাকীয়ে ‘ছবি ৰেছমা আৰু শেৰা’ৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল।

অন্তিমবাৰ ইণ্ডিয়ান–আমেৰিকান কামিং অব এজ স্প’৸ৰ্টছ ড্ৰামা ‘স্কেটাৰ গাৰ্ল’ত দেখা গৈছিল, যিখন ২০২১ চনত মুক্তিলাভ কৰিছিল।

ভাৰত চৰকাৰে ভাৰতীয় চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবেই ইতিমধ্যেই পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল ৱাহিদা ৰেহমানক ৷

অৱশেষত ভাৰত চৰকাৰে ইণ্ডিয়ান চিনেমাৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা এই বছৰৰ বাবে আগবঢ়াই সু-অভিনেত্ৰী গৰাকীক ৷

আনহাতে বৰ্ষীয়ান অভিনেত্ৰী গৰাকীৰ নাম ঘোষণা কৰি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সামাজিক মাধ্যমত এক শুভেচ্ছা বাৰ্তাত কয় যে, ভাৰতীয় নাৰীৰ নিষ্ঠা, প্ৰতিশ্ৰুতি সম্পন্ন আৰু শক্তিৰ উদাহৰণ ৷

নাৰী শক্তি বন্দন অধিনিয়ম সংসদত গৃহীত হোৱাৰ সময়তে এই সন্মান এগৰাকী নাৰীক আগবঢ়াবলৈ পাই গৌৰাম্বিত বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Exit mobile version