Income Tax Team Raid In Kaziranga University Owner Residence:কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান

গুৱাহাটী আৰু ৰাজস্থানৰ বাসগৃহত আয়কৰৰ মাৰাথন অভিযান

kaziranga 3

Income Tax Team Raid In Kaziranga University Owner Residence:

যোৰহাটৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্বত্বাধিকাৰীৰ বাসগৃহত মঙলবাৰে পুৱাৰে পৰা আয়কৰ বিভাগে চলায় অভিযান ৷

প্ৰতিষ্ঠিত ব্যৱসায়ী বসন্ত খেতানৰ বাসগৃহ সহ তেওঁৰ মালিকাধীন আন কে’বাটাও ব্যৱসায়িক কাৰ্যালয়টো আয়কৰ বিভাগে অভিযান চলাই পৰীক্ষা কৰে কেতবোৰ নথিপত্ৰ ৷

ডিব্ৰুগড়ৰ পৰা অহা আয়কৰ বিভাগৰ দলটোৱে বিশিষ্ট ব্যৱসায়ীগৰাকীৰ যোৰহাট নগৰৰ চেউনি আলিস্থ বাসগৃহ তথা নিকন পাৱাৰ এণ্ড ইনফ্ৰা লিমিটেডৰ কাৰ্যালয়তো উপস্থিত হৈ বিভিন্ন নথিপত্ৰ পৰীক্ষা কৰাৰ সমান্তৰালভাৱে ব্যৱসায়ীগৰাকীৰ গুৱাহাটী উলুবাৰীস্থ আৰু জয়পুৰস্থিত কাৰ্যালয়টো একে সময়তে আয়কৰ বিভাগে চলাই অভিযান ৷

আয়কৰৰ দলটোৱে অভিযান কালত কি তথ্য লাভ কৰিছে এই সন্দৰ্ভত সদৰি কৰাৰ পৰা বিৰত আছে যদিও বিশেষ সূত্ৰে লাভ কৰা খৱৰ অনুসৰি আয়কৰ ফাঁকি দিয়াৰ অভিযোগ আছিল প্ৰতিষ্ঠিত ব্যৱসায়ীজনৰ বিৰুদ্ধে ৷

Exit mobile version