Kaliabar Rhino:কলিয়াবৰত আঘাতপ্ৰাপ্ত গঁড়ৰ বিচৰণ

আঘাতপ্ৰাপ্ত গঁড়ৰ প্ৰয়োজনীয় চিকিৎসা নকৰাৰ অভিযোগ প্ৰকৃতি প্ৰেমীৰ

rhino 222

Kaliabar Rhino:

কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা ওলায় অহা গড়ৰ মুক্ত বিচৰণ কলিয়াবৰৰ ভিন্ন অঞ্চলত ৷ দুমাহ ধৰি বিচৰণ কৰি থকা গড়টোৱে শেহতীয়াকৈ আশ্ৰয় লৈ শিলঘাটত ৷

কলিয়াবৰ চাহ বাগিছা, শিলঘাটৰ কামাখ্যা দেৱালয়ৰ পাছতে সোমবাৰৰ পৰা গড়টোৱে অৱস্থান কৰিছে কলিয়াবৰ মেনৰৰ চৌহদত ৷

স্থানীয় লোকে গড়টোক প্ৰত্যক্ষ কৰা মতে গড়টো আঘাতপ্ৰাপ্ত ৷ নেজৰ তলত গুৰুত্বৰভাবে আঘাতপ্ৰাপ্ত হোৱাত ইতিমধ্যে শৰীৰ অৱস হৈ পৰিছে ৷ দিনত শিলঘাটৰ বিভিন্ন স্থানত বিচৰণ কৰি নিশা পাহাৰত গৈ অৱস্থান লয় ৷

বনবিভাগে শাৰীৰিকভাৱে দুৰ্বল আৰু আঘাতপ্ৰাপ্ত গঁড়টোৰ পৰ্যাপ্ত চিকিৎসাৰ ব্যৱস্থা নকৰাৰ অভিযোগ কৰিছে স্থানীয়লোকে ৷

স্মতৰ্ৱ্য যে, কেইদিনমানৰ পূৰ্বে গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল স্থানীয় এজন লোক ৷ তাৰ পাছতে বন বিভাগে গড়টো দাঁতি কাষৰীয়া কাজিৰঙা অভয়াৰণ্যলৈ উভতাই পঠিয়াবলৈ চেষ্টা কৰিছিল দুটা হাতীৰে ৷

কিন্ত বিফল হয় বন বিভাগ ৷ বিগত দুমাহে কলিয়াবৰ চাহ বাগিচা আৰু ইয়াৰ আশেপাশে বিচৰণ কৰি আছে।

Exit mobile version