State Bjp Chief Sporksperson Pressmeet:বিজেপিৰ ৰাজ্যজোৰা বুথ সৱলীকৰণ অভিযান আৰম্ভ

লুৰীণজ্যোতি গগৈ ভূপেন বৰাৰ লাইট ভাৰ্চন, অজাপৰ অভিযোগৰ প্ৰত্যুত্তৰত ৰাজ্যিক বিজেপি

pressmeet bjp

State Bjp Chief Sporksperson Pressmeet:

২০২৩ দলৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তা অটুট ৰখাৰ বাবে ভাৰতীয় জনতা পার্টিয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰালত বিভিন্ন কার্যসূচী গ্ৰহণ কৰি আহিছে । সমাগত লোকসভা নির্বাচনকে আদি কৰি অন্যান্য নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তৃণমূল পৰ্যায়ত দলৰ ভেঁটি অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যি ভাৰতীয় জনতা পাৰ্টিয়ে আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি বুথ সৱলীকৰণ অভিযান” আৰম্ভ কৰিছে।

এক সপ্তাহজোৰা এই অভিযান অহা ২ অক্টোবৰত সামৰণি পৰিব। বিজেপিৰ সকলো স্তৰৰ নেতা- কর্মীয়ে এই কাৰ্যসূচীত অংশগ্রহণ কৰিব। ৰাজ্যিক বিজেপিৰ চলিত কাৰ্যসূচীৰ ওপৰত দলৰ মুখ্য কার্যালয়ত এক সংবাদমেল সম্বোধন কৰি মুখ্য মুখপাত্র মনোজ বৰুৱাই এনেদৰে বক্তব্য প্ৰদান কৰে।

সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, মুখপাত্র পংকজ বৰবৰাৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা সংবাদ মেলত বৰুৱাই কয়, ভাৰতীয় জনতা পার্টিৰ কার্যক্রম কেৱল নির্বাচনকেন্দ্রিক নহয়। জনসাধাৰণৰ কল্যাণার্থে বিজেপিয়ে বিভিন্ন সেবামূলক কার্যক্রমো গ্ৰহণ কৰি আহিছে।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ সেৱা পষেক” কাৰ্যসূচীৰ আধাৰত দলীয় কার্যকর্তা সকলে দেশজুৰি বিভিন্ন সেৱামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাই ৰক্তদান শিবিৰৰ আয়োজন কৰি সৰ্বমুঠ ২০৪৬ ইউনিট ৰক্তদান কৰিছে। অনুসূচীত জনজাতি মৰ্চায়ো সকলো জিলাতে জনসম্পৰ্ক ৰক্ষা কৰি জনসাধাৰণৰ মনোভাৱ গ্ৰহণ কৰিছে।

সংখ্যালঘু মৰ্চা আৰু অনুসূচীত জাতি মৰ্চা গাঁও সম্পৰ্ক অভিযানৰ জৰিয়তে গ্রামা এলেকাৰ জনসাধাৰণে চৰকাৰৰ সা-সুবিধা সমূহ পৰ্যাপ্ত পৰিমাণে লাভ কৰিছে নাই কৰা সেই সম্পর্কে অভিযান চলাইছে ।

কিষাণ মৰ্চাৰ কাৰ্যকৰ্তা সকলে দৰিদ্ৰ জনসাধাৰণৰ মাজত আয়ুষ্মান কার্ড বিতৰণ কৰাৰ লগতে চাহ মৰ্চা আৰু মহিলা মৰ্চায়ো বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছে।

একেদৰে অবিচি মৰ্চাৰ তৰফৰ পৰাও পি এম বিশ্বকৰ্মা যোজনা আঁচনিৰ সম্পৰ্কত ৰাইজৰ মাজত প্ৰচাৰৰ বাবে বাইক ৰেলী আদিৰ ব্যৱস্থা কৰিছে।

সংবাদ মেলত বিজেপিয়ে অসমখন ভাগ ভাগ কৰিছে বুলি অসম জাতীয় পৰিষদৰ নেতা লুৰীপজ্যোতি গগৈয়ে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰত মুখ্য মুখপাত্র মনোজ বৰুৱাই কয় যে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে অসমৰ সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি ৰাখি বৃহত্তৰ অসমীয়া সমাজখন সমভাৱে উন্নয়নৰ দিশত আগুৱাই নিছে ।

বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিত অন্তৰৰ পৰা আদৰি লৈছে। সেয়ে আজি বড়ো, মিচিং, ৰাভা, কাৰি ডিমাচা আদি কৰি সকলো জাতি-জনজাতিৰ ৰাজনৈতিক শক্তি বিজেপিৰ সৈতে আছে। এনে পৰিপ্ৰেক্ষিতত লুৰীণজ্যোতি গগৈয়ে বিজেপিৰ বিৰুদ্ধে বিভ্ৰান্তিকৰ বাৰ্তা বিলাই অপচেষ্টাত লিপ্ত হোৱা কাৰ্যক ৰাজ্যিক বিজেপিয়ে কঠোৰ ভাষাৰে গৰিহণা দিছে ।

মনোজ বৰুৱাই লগতে কম, গণতন্ত্ৰত মত-পার্থক্য থাকিবই। কিন্তু সমালোচনাৰ নামত লুৰীণজ্যোতি গগৈয়ে “অটল বিহাৰী বাজপেয়ী ভৱনক দুর্নীতিৰ শ্বপিং মলত পৰিণত হোৱা বুলি প্ৰকাশ কৰা বক্তব্য গৰিহণাৰ যোগ্য।

এনে কাৰ্যৰ জৰিয়তে লুৰীণজ্যোতি গগৈ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তৰল আৰু বিভ্ৰান্তিকৰ বক্তব্যৰে নজিৰ সৃষ্টি কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লাইট ভাৰ্চনত পৰিণত হোৱা বুলি বিজেপিয়ে কটাক্ষ কৰে।

Exit mobile version