Barpeta Road Girl Rescued From Haryana :ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ 

হাৰিয়ানাৰ পৰা উদ্ধাৰ বৰপেটা ৰোড চহৰৰ এগৰাকী যুৱতী 

girl

Barpeta Road Girl Rescued From Haryana :

বৰপেটা ৰোড চহৰৰ পৰা ফুচুলাই হাৰিয়ানালৈ লৈ যোৱা যুৱতী গৰাকীক অৱশেষত হাৰিয়ানাৰ ৰোহটকৰ পৰা উদ্ধাৰ কৰে বৰপেটা ৰোড আৰক্ষীয়ে ৷

সম্প্ৰতি ঘটনাটো সম্পৰ্কে অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ যোৱা ২০ ছেপ্টেম্বৰত বৰপেটা ৰোড চহৰৰ পৰা এগৰাকী ১৯ বছৰীয়া যুৱতীক নাৰী সৰবৰাহকাৰী চক্ৰ এটাই ফুচুলাই ৰে’লযোগে হাৰিয়ানালৈ লৈ গৈছিল ৷

 

পৰিয়ালৰ লোকে ঘটনা সম্পৰ্কে বৰপেটা ৰোড আৰক্ষীক এজাহাৰ দাখিলৰ পিচতে আৰক্ষীৰ এটা দলে ফোন ট্ৰেকিঙৰ জৰিয়তে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে আৰক্ষীৰ অভিযানৰ পূৰ্বেই দুষ্ট চক্ৰটোৱে উক্ত স্থানৰ পৰা পলায়ন কৰাত কোনো লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল আৰক্ষী ৷

Exit mobile version