Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান

হোৱাটচআপ গ্ৰুপৰ পৰা ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল চাইবাৰ অপৰাধীৰ

student

Cyber Criminal:

এইবাৰ চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে মহানগৰীৰ শিক্ষানুষ্ঠান ৷ ইতিমধ্যে অপৰাধী চক্ৰৰ জালত পৰিছে বেলতলা কণিষ্ঠ মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থী। ইয়াকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় শিক্ষানুষ্ঠান খনত ৷

প্ৰাপ্ত খবৰ অনুসৰি চাইবাৰ অপৰাধী চক্ৰ এটাই হোৱাটচআপ গ্ৰুপৰ পৰা কে’বাগৰাকীমান ছাত্ৰীৰ ফটো সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত অশ্লীল ফটো প্ৰস্তুত কৰি ভাইৰেল কৰিছে চ’ছিয়েল মেডিয়াত ৷

উল্লেখ্য যে,যোৱা ২৩ ছেপ্তেম্বৰৰ পৰা ধাৰাবাহিকভাৱে ইগৰাকীৰ পিছত সিগৰাকী ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল কৰাৰ পাছত শেহতীয়াকৈ ভুক্তভোগী ছাত্ৰ-ছাত্ৰী কেইগৰাকী কাষ চাপিছে বশিষ্ঠ আৰক্ষীৰ ৷

আৰক্ষীয়ে ইতিমধ্যে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version