Lightning:চিথিলাত বজ্ৰপাতত এজনৰ মৃত্যু ৰ লগতে এজন আহত 

lightning

Lightning:

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম থানাৰ অন্তৰ্গত চিথিলা টুমপাৰা গাওৰ জ্ঞানেন ৰায়ৰ পত্নী অনিমা ৰায় ( ৪০) নামৰ এগৰাকী মহিলা বজ্ৰ পাতত মৃত্যুৰ বাতৰিয়ে অঞ্চল জুৰি শোকৰ ছা পৰিছে ।

প্ৰাপ্ত বাতৰি অনুসৰি আজি দুপৰীয়া ১২ -৩০ মান বজাত আকাশৰ পৰা বজ্ৰ ঘৰৰ চোতালত পৰাৰ লগে লগে অনিমা ৰায়ৰ দেহত পৰে । ঘটনাস্থলীতেই অনিমা ৰায় অচেতন হয় আৰু লগতে অনিমা ৰায়ৰ কন্যা যশোদা ৰায় ( ১৮ )আহত হয় ।

বজ্ৰপৃষ্ঠ হোৱাৰ লগে লগেই দোতমা চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে অনিমা ৰায়ক মৃত বুলি ঘোষণা কৰে । ইপিনে মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই ঘটনা স্থালীত চিথিলা আৰক্ষী উপস্থিত হয় আৰু মৃত অনিমা ৰায়ৰ নশ্বৰ দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰন কৰে ।

উল্লেখ্য যে গাওখনত কেইবাজনো আজিৰ বজ্ৰ পৃষ্ঠ হৈ আহত হৈছে ।

Exit mobile version