Nilachal Flyover Accident:নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনা

তীব্ৰ বেগী ট্ৰাকে মহতীয়াই নিলে চিটিবাছ সহ চাৰিখনকৈ বাইক,থিতাতে নিহত ১জন

nilachal accident

Nilachal Flyover Accident:

মহানগৰীৰ মালিগাঁৱস্থ নীলাচল উৰণসেতুত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। শোকাৱহ পথ দুৰ্ঘটনাটোত থিতাতে নিহত এজন লোক ৷

প্ৰাপ্ত খবৰ অনুসৰি,তীব্ৰ গতিত অহা এখন ট্ৰাকে মহতীয়াই নিয়ে চিটিবাছ সহ চাৰিখন বাইক ৷ ফলস্বৰূপে থিতাতে নিহত হয় এজন লোক আৰু আহত হয় কে’বাজনো ৷

দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাক খনৰ চালক ৷ উল্লেখ্য যে,ট্ৰাক খনৰ ক্ষতিগ্ৰস্ত কৰে ডিভাইডাৰ,ৰেলিঙৰ লগতে বৈদ্যুৎ পৰিবাহী খুঁটা ৷ দুৰ্ঘটনাটিত নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

ইতিমধ্যে জালুকবাৰী আৰক্ষী উপস্থিত হৈ ট্ৰাক খন জব্দ কৰি মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে,নীলাচল উৰণীয়া সেঁতুত ইয়াৰ পূৰ্বেও সংঘটিত হৈছিল কে’বাটাও পথ দুৰ্ঘটনা ৷

Exit mobile version