Bhauraguri :ভাওঁৰাগুৰীৰ আহমেদপুৰত গাওঁৰক্ষী বাহিনীৰ সভাপতি,সম্পাদক বাছনিকলৈ উত্তপ্ত পৰিস্থিতি

bhauraguri

Bhauraguri :

গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰি আৰক্ষী চকীৰ অন্তৰ্গত আহমেদপুৰ গাঁৱত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰাপ্ত বাতৰি অনুসৰি গাঁওখনৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি আৰু সম্পাদক বাছনি কৰিবলৈ আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

উক্ত সভাত আৰক্ষী বিষয়াও উপস্থিত থাকে। সভাপতি আৰু সম্পাদক নিৰ্বাচিত কৰিবলৈ যাওঁতে ৰাইজৰ মাজত দুটা পক্ষৰ সৃষ্টি হয় । এটা পক্ষৰ সমৰ্থনত ১৪০ গৰাকী ব্যক্তি আৰু আন এটা পক্ষত প্ৰায় ৪০ গৰাকী সমৰ্থন জনায়। ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ

পিছত ৰাইজে ভোট অনুষ্ঠিত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক আবেদন কৰে যদিও আৰক্ষীয়ে সেয়া নকৰি লটাৰী কৰিব বিচৰাত এটা পক্ষই সমৰ্থন নকৰে। ইয়াক লৈ গাঁওখনত দুটা গোটৰ বিভাজনৰ সৃষ্টি হোৱাৰ লগতে ভিতৰে ভিতৰে চেপা উত্তেজনাৰ সৃষ্টি হয়।

Exit mobile version