Pressmeet In State Bjp:ধানটোৱে প্ৰতি কণটো,মানুহটোৱে প্ৰতি মনটো কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে

bjp

Pressmeet In State Bjp:

কংগ্ৰেছৰ নেতা সকল এতিয়া হতাশাত ভুগিছে। গুৱাহাটী মহানগৰীত সম্পন্ন হোৱা উন্নয়নমূলক কামকাজ বিলাকৰ অপব্যাখ্যা আৰু বিৰূপ সমালোচনাৰ যোগেদি কংগ্ৰেছৰ নেতা সকলে তেওঁলোকৰ স্বৰূপটো ৰাইজৰ সন্মুখত উন্মোচিত কৰিছে।

আজি ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত দলৰ মুখপাত্রদ্বয় ৰূপম গোস্বামী আৰু সুভাষ দত্তই প্রদেশ কংগ্ৰেছক তীব্র সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ নেতৃত্বতহে গুৱাহাটীৰ উন্নয়নৰ ৰূপৰেখা তৈয়াৰ হৈছে বুলি মন্তব্য কৰিছে।

সংবাদমেলখনত মুখপাত্র ৰূপম গোস্বামীয়ে কয়, ধানটোৱে প্রতি কণটো, মানুহটোৱে প্ৰতি মনটো। কংগ্ৰেছৰ নেতা সকলে সমালোচনাৰ পূৰ্বে এইটো চিন্তা কৰা উচিত আছিল যে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীখনৰ বিকাশৰ পৰিকল্পনা তেওঁলোকে বহু আগতেই কৰাৰ সুযোগ পাইছিল।

কিন্তু কংগ্ৰেছৰ নেতা সকলৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই অপৰিকল্পিত তথা বিশৃংখলভাৱে কৰা নিৰ্মাণ আৰু নীতিবর্হিভূতভাৱে কৰা নিৰ্মাণৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানীৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাই গা কৰি উঠিছে। দীৰ্ঘদিন ধৰি শাসনত থকা কংগ্ৰেছ দলে গুৱাহাটী মহানগৰীত থকা জলাশয় সমূহত বেদখলমুক্ত কৰি সুৰক্ষিত নাৰাখিলে। যাৰ ফলশ্ৰুতিত মহানগৰীৰ ৰাইজে এতিয়া কৃত্রিম বানপানীৰ কবলত পৰিছে।

মুখপাত্র গৰাকীয়ে কয় ২০১৬ চনত বিজেপি চৰকাৰ অসমলৈ অহাৰ পিছতেই গুৱাহাটী মহানগীৰৰ ভৌগলিক দিশ চালিজাৰি চাই ৰাইজৰ সুবিধা হোৱাকৈ উন্নয়নমূলক কামকাজ আৰম্ভ কৰিছে। মহানগৰীত এতিয়া কেইবাখনো অত্যাধুনিক ফ্লাই অভাৰ, ফুট ব্রীজ নির্মাণ হৈছে। ৰাস্তা-ঘাট পকীকৰণ হৈছে।

গুৱাহাটী পৌৰ নিগমে নলা-নর্দমা সমূহ নিয়মিতভাৱে পৰিষ্কাৰ কৰিছে। ভৰলু, বাহিনীকে আদি কৰি মহানগৰৰ মাজেৰে বৈ যোৱা উপনৈ সমূহত খনন কাৰ্য অব্যাহত ৰাখিছে। জলাশয় সমূহত বেদখলমুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। মহানগৰীৰ ৰাইজেও প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্চতা অভিযানৰ প্ৰতি সহাঁৰি জনাইছে।

যাৰ ফলশ্ৰুতিত মহানগৰীত এতিয়া কৃত্ৰিম বানপানীৰ পৰিমাণ আগতকৈ বহু পৰিমাণে কমি আহিছে। ৰূপম গোস্বামীয়ে লগতে কয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া গুৱাহাটী মহানগৰী দেশৰ ভিতৰতে আটকধুনীয়া মহানগৰীৰ হ’বলৈ আগবাঢ়িছে। মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটী উন্নয়নৰ বাবে গ্ৰহণ কৰা দূৰদৰ্শী পদক্ষেপে অদূৰ ভবিষ্যতে প্ৰতিজন গুৱাহাটীবাসীক উপকৃত কৰিব।

সংবাদমেলত অন্যতম মুখপাত্র সুভাষ দত্তই কয় যে, প্রদেশ কংগ্ৰেছৰ নেতাসকল মুখ্যমন্ত্ৰীৰ জনপ্রিয়তা তথা সফলতাত ঈষান্বিত হৈছে। বহু কংগ্ৰেছী নেতাই মুখ্যমন্ত্ৰী গৰাকীক হিংসা কৰে। ড০ হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰহণযোগ্যতা ৰাষ্ট্ৰীয় পৰ্যায়ত বৃদ্ধি পাইছে। এই কথাই কংগ্ৰেছী সকলৰ নিদ্ৰ হৰণ কৰিছে। সেয়ে তেওঁলোকে সমালোচনাৰ নামত নিজৰ বহুৱালি চৰিত্ৰ প্ৰকাশ কৰিছে।

মুখপাত্র গৰাকীয়ে কয়, বিগত সময়ত স্মাৰ্ট চিটিৰ অধীনত মহানগৰীৰ উন্নয়নৰ বাবে কামকাজ চলি আছে। অসম চৰকাৰৰ উদ্যোগত কেইবাখনো উদ্যান নিৰ্মাণ হোৱাৰ ফলত মহানগৰীৰ ৰাইজে অৱসৰ বিনোদনৰ সময় কটাবলৈ যান্ত্ৰিকতাৰ মাজতো এক মুকলি পৰিবেশ লাভ কৰিছে। মহানগৰীত চিচি টিভিৰ লগতে ষ্ট্ৰীট লাইটৰ ব্যৱস্থাও কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰেও গুৱাহাটীৰ উন্নয়নৰ বাবে বৃহৎ পুঁজি যোগান ধৰিছে।

প্ৰকৃততে বিজেপি চৰকাৰৰ দিনত গুৱাহাটীখনৰ সামগ্রিক উন্নয়ন সম্ভব হৈ উঠিছে। কংগ্ৰেছী সকলে তেওঁলোকৰ শাসনকালত এয়া হয়ত্ব কল্পনাই কৰিব পৰা নাছিল। সেয়ে তেওঁলোকে বিজেপিৰ দিনত হোৱা উন্নয়ন দেখি ঈষান্বিত হৈ মনেসজা ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাবে ৰাইজৰ মাজত চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ অপ প্ৰচাৰত লিপ্ত হৈছে।

সাংবাদিকে সোথা এক প্রশ্নৰ উত্তৰত মুখপাত্র গৰাকীয়ে কয়, ভাৰতীয় জনতা পাৰ্টিৰ কোনো নেতা বা সদস্যই কংগ্ৰেছ দলত যোগদান কৰিব বুলি কৈ থকা কথাটো ভিত্তিহীন।

তাৰ বিপৰীতে ছয় সাতজন কংগ্ৰেছ দলৰ বিধায়কেহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আগ্ৰহী হৈ আছে বুলি মন্তব্য কৰি মুখপাত্ৰজনে কয়, ভাৰতীয় জনতা পাৰ্টিত এতিয়া এই সকল নেতাৰ বাবে ঠাই নাই। সেউজ সংকেত পালে কংগ্ৰেছৰ নেতা বিধায়কেহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ অধীৰ আগ্ৰহী হৈ আছে ।

Exit mobile version