Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Why Gandhi:গান্ধী কিয় ?

publisher by publisher
October 2, 2023
in India, News
Reading Time: 2 mins read
0
Why Gandhi:গান্ধী কিয় ?
4
SHARES
36
VIEWS
ShareShareShareShare

Why Gandhi:গান্ধী কিয় ?

ADVERTISEMENT

# প্রাঞ্জলসেন ডেকা

RelatedPosts

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

এবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাওঁতে ছিডনীৰ ডার্লিং হাৰ্বাৰত কোনো সংগতি নোহোৱাকৈয়ে এটি সৰু কিন্তু মজাৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিলো। ডার্লিং হাৰ্বাৰ হৈছে ছিডনীৰ সবাতোকৈ জনপ্রিয় ‘হেপেনিং প্লেচ’। সমুদ্ৰতীৰৰ এই মনোমোহা ঠাইতে সন্ধিয়া উচ্ছল জীৱনৰ ৰেহ-ৰূপ উপভোগ কৰি আছিলো।

সেই সময়তে চাৰ্জিনীয়া যুৱকৰ দল এটাৰ স’তে বাক্য বিনিময় হ’ল। হাতত পানীয়ৰ পাত্ৰ হৈ তেওঁলোকে উচ্চস্বৰত বাজি থকা সংগীতৰ মাজে মাজে হাঁহি-ধেমালি কৰি আছিল। মার্কিন যুক্তৰাষ্ট্ৰৰ বাসিন্দা চাৰি বন্ধুৱে দীঘলীয়া ছুটী লৈ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ আহিছে। ম‍ই ভাৰতীয় বুলি অনুমান কৰি তাৰেই এজন যথেষ্ট আগ্ৰহী হৈ পৰিল। ক’লে দুবছৰ আগতে কিবা এটা প্রজেক্টৰ কামত তেওঁ দক্ষিণ ভাৰতত আঢ়ৈ মাহ কটাই গৈছে।

সেয়া তেওঁৰ প্ৰথম বিদেশ ভ্রমণ, তাকো তৃতীয় বিশ্বৰ দেশলৈ। গতিকে প্ৰথমতে যথেষ্ট আচহুৱা অনুভৱ কৰিছিল; দেশ চহৰ মানুহ-খাদ্য সকলোবোৰেই যেন অচিনাকি। কিন্তু চতুর্থ দিনা ৰাস্তাৰে গৈ থাকোতে হঠাতে এজন চিনাকি মানুহক দেখি মনটো পাতল লাগিল আৰু সেইদিনাৰ পৰাই তেওঁ সহজ হৈ পৰিল।

কথাখিনি কৈ থাকোঁতে তেওঁৰ মুখত দুষ্টালিভৰা হাঁহি দেখি উৎসুকতাৰে মানুহজন কোন বুলি সুধিলো। তেৱো যেন প্রশ্নটোলৈকে ৰৈ আছিল, পৰম উচ্ছাসেৰে একপ্ৰকাৰ চিঞৰিয়ে ক’লে, ‘গান্ধী।”

প্ৰথমবাৰলৈ বিদেশ ভ্ৰমণলৈ অহা মার্কিন যুৱকজনে চেন্নাইত সম্পূর্ণ ভিন্ন এক পৰিবেশৰ মাজতো মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিটো দেখি আশ্বস্ত অনুভৱ কৰিছিল। কথাটো শুনি মনটো আনন্দৰে ভৰি পৰিল। পানীয় সেৱন অব্যাহত ৰখা অৱস্থাতো কিন্তু তেওঁ যথেষ্ট সম্ভ্রমেৰেই কথাখিনি কোৱা যেন লাগিল। তেওঁৰ কথাৰ পৰা আকৌ এবাৰ বুজিবলৈ অসুবিধা নহ’ল যে মহাত্মা গান্ধী আজিও সমগ্র বিশ্বতে বিৰাজমান, অন্ততঃ মূৰ্তিৰ ৰূপত হ’লেও। উল্লেখ্য যে বিশ্বৰ কমেও ৭০খন দেশত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।

গান্ধীজী ১৯১৭ত ভাৰতীয় সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনৰ স’তে জড়িত হৈ পৰে আৰু তেতিয়াৰে পৰাই নিৰৱচ্ছিন্নভাৱে অক্লান্ত সংগ্ৰামৰ গাঁথা ৰচনা কৰে; কিন্তু আজি বহু বছৰ ধৰি কেতবোৰ মহলৰ দ্বাৰা প্ৰশ্ন কৰা উত্থাপন কৰা হৈছে যে গান্ধীজীৰ প্ৰভাৱ কিমানদিনলৈ চলিব অথবা তেওঁক স্মৰণ কৰাৰ এতিয়া আৰু প্ৰয়োজন আছেনে?

বিভিন্ন কৌশলেৰে এনে প্ৰশ্নও উত্থাপন কৰি অহা হৈছে যে এই বিশ্বায়নৰ যুগত আর্থিক নীতিকে ধৰি বিভিন্ন বিষয়ত যেতিয়া ৰাজনৈতিক দলসমূহৰ মাজত কোনো মৌলিক পার্থক্যই নাই, এই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে তেওঁৰ আইনেিতনে পৰিপ্ৰেক্ষিতত গান্ধীজীৰ চৰ্চা কিমান প্ৰাসংগিক।

কিন্তু জীৱনীটোৱেই আছিল বিভিন্ন জলধাৰা মিলিত হোৱা এখন নদীৰ দৰে। জীৱনৰ এনে কোনো বিষয় নাছিল যাক তেওঁ গুৰুত্ব প্ৰদান কৰা নাছিল অথবা সেই সম্পর্কে নিজস্ব মতামত দাঙি ধৰা নাছিল। সেয়ে কোৱা হয়, গান্ধীজীৰ জীৱনেই আছিল তেওঁৰ বাণী ।

বিভিন্ন সময়ত ঠায়ে ঠায়ে গান্ধীৰ প্ৰতিমূৰ্তিৰ ক্ষতিসাধনৰ আঁৰতো এনেধৰণৰ মানসিকতাই কাম কৰি আহিছে। দেশত নক্সাল আন্দোলন তীব্ৰতৰ হৈ উঠাৰ সময়ছোৱাত ৬০-৭০ দশকত গান্ধীজীৰ প্ৰতিমূৰ্তিত আক্ৰমণৰ ঘটনা দেখিবলৈ পোৱা গৈছিল। এনেবোৰ ঘটনাক অৱশ্যে ‘সম্পূর্ণ ক্রান্তি আন্দোলন’ৰ জনক জয়প্ৰকাশ নাৰায়ণে আশাৰ কিৰণ হিচাপে প্ৰত্যক্ষ কৰিছিল।

জেপিয়ে কৈছিল যে গান্ধীজীৰ আদৰ্শই সেইসকলৰ মনত বিপদ আশংকাৰ সৃষ্টি কৰে। শেহতীয়াকৈ গান্ধীজীৰ বিৰুদ্ধে এক নতুন শক্তি সক্ৰিয় হৈছে, যিসকলে হিন্দুত্বৰ নাম লৈ কাম কৰে। কিন্তু গান্ধীজীৰ প্ৰভাৱ ইমানেই গভীৰ আৰু বিশাল যে আজিও তেওঁৰ আদৰ্শক লৈ সৰব চৰ্চা তথা বিতর্ক অব্যাহত আছে।

আনকি তেওঁৰ প্ৰতিমূৰ্তিত আক্ৰমণ কৰি একাংশই নিজৰ ক্ষোভ আৰু তেওঁৰ আদৰ্শলৈ অসন্মতি ব্যক্ত কৰিছে। তাতেই গান্ধীজীৰ প্ৰভাৱ তথা মহত্ত্বৰ প্ৰকাশ ঘটিছে। দুর্ভাগ্যজনকভাবে উন্নয়নৰ শিখৰত উপনীত হোৱাৰ সময়তো বিশ্বই যেন সংকীর্ণতাকহে আগস্থান দিছে। ক্ষমতাৰ বলত এনে সংকীর্ণতা দিনে দিনে অধিক আগ্রাসী আৰু ক্ষতিকাৰক হৈ পৰিছে।

এনে সংকীর্ণতাই গান্ধীজীক গুলীয়াইছিল। অৱশ্যে সেই গুলিত গান্ধীজীৰ মৃত্যু নহ’ল, বৰঞ্চ প্ৰভাৱ অধিক ব্যাপক হৈ পৰিল। স্বাভাৱিকতে সংকীর্ণ সাম্প্রদায়িকতাই তেনে পৰিণাম আশা কৰা নাছিল। সেই বাবেই নিজৰ ক্ষুদ্ৰতা আৰু বিফলতাক অধিক প্ৰকট কৰা সংকীৰ্ণ সাম্প্ৰদায়িকতাই গান্ধীজীৰ স্মৃতিকেই মচি পেলাবলৈ অপচেষ্টা অব্যাহত ৰাখিছে। বহুত্ববাদৰ বিৰোধী হিন্দুৰ এটি অংশৰ মাজত গান্ধীজীৰ বিৰুদ্ধে ঘৃণাৰ উদ্ৰেক ঘটিছিল।

তেওঁলোকৰ ধাৰণা আছিল যে ভাৰতত গান্ধীজীৰ অস্তিত্ব দীর্ঘস্থায়ী হোৱাৰ অৰ্থ হিন্দুসকলৰ মাজত বহুত্ববাদী ধাৰণাৰ সপক্ষে এক শক্তিশালী কণ্ঠ জাগ্ৰত হৈ থকা। গতিকে সেই কণ্ঠ অথবা অস্তিত্বক চিৰকালৰ বাবে মষিমূৰ কৰি পেলোৱাৰ প্ৰয়োজনীয়তা অনুভব কৰিছিল। যদিও নাথুৰাম গডছেই গান্ধীজীক গুলীয়াই হত্যা কৰিছিল; কিন্তু সেয়া কোনো এজন ব্যক্তিৰ ক্ষোভৰ পৰিণাম নাছিল।

দৰাচলতে সেয়া আছিল বহুত্ববাদী ধাৰণাৰ বিৰুদ্ধে প্রচণ্ড ঘৃণাৰ বহিঃপ্রকাশ। ৭৫ বছৰ পূৰ্বেই গান্ধীৰ বুকুত আঘাত কৰা গুলি পৰৱৰ্তী পৰ্যায়ত দেশৰ যেনি তেনি চলিছে। সেই গুলিৰ আঘাতত হেজাৰ হেজাৰ ক্ষতচিহ্নৰ সৃষ্টি হৈছে, অথচ এনে দুর্ভাগ্যজনক পৰিস্থিতিত দেশক দিশ-নির্দেশনা দিবলৈ এজন মহাত্মা গান্ধী আজি নাহ।

ৰাজনৈতিক নেতাই ক্ষমতা দখলৰ স্বাৰ্থত সক্ৰিয় হোৱাৰ ভাও ধৰাৰ বিপৰীতে গান্ধীজীয়ে আন্দোলনৰ সমান্তৰালভাৱে বিভিন্ন গঠনমূলক কার্যসূচী আগবঢ়াই নিছিল। স্বাধীনতা যুঁজৰ লগে লগে অস্পৃশ্যতা নিৰ্মূল কৰা, সর্বধর্মীয় ঐক্য-সংহতি স্থাপন, কুটীৰ শিল্পৰ লগতে খাদী আৰু হস্ততাঁত বস্ত্ৰশিল্পৰ উদ্‌গনি, ক্ষমতাৰ বিকেন্দ্ৰিকৰণ, গ্রাম স্বৰাজৰ প্ৰসাৰ, পঞ্চায়তীৰাজ, প্ৰাথমিক শিক্ষাক উদ্‌গনি, পৰম্পৰাগত চিকিৎসা আৰু সেইবোৰৰ উপযোগী ব্যৱহাৰৰ দৰে এনে বিভিন্ন কাম নিৰৱচ্ছিন্নভাৱে অব্যাহত ৰাখিছিল।

উল্লেখ নিষ্প্রয়োজন যে তেওঁৰ উদ্দেশ্য আছিল, দেশৰ সাধাৰণ নাগৰিকসকলৰ – উন্নত জীৱন আৰু এখন বৈষম্যহীন সমাজ। তাৰ বাবে তেওঁ সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল আৰু প্ৰতিটো অঞ্চলৰ ৰাইজৰ অৱস্থাৰ বুজ লৈছিল। লক্ষ্যণীয়ভাৱে অভূতপূর্ব জনপ্রিয়তা লাভ কৰিলেও গান্ধীয়ে কঠোৰ সত্যক জনতাৰ সমুখত দাঙি ধৰিবলৈ পিছ হোঁহকা নাছিল।

সত্য আৰু অহিংসাক যিকোনো সমাজৰ বাবে আটাইতকৈ শক্তিশালী অস্ত্ৰৰূপে অভিহিত ন কৰি ইয়াৰ মহত্ত্ব দেশবাসীৰ সমুখত দাঙি ধৰিবলৈ তেওঁ অহৰহ প্ৰচেষ্টা চলাই গৈছিল, অৱশ্যে বৃহৎ স্তৰত ইয়াৰ ব্যৱহাৰত সফল নহ’লেও ই বহুতৰে জীৱনলৈ যে নতুন দিশা কঢ়িয়াই আনিছিল তাত সন্দেহ নাই। গান্ধীৰ প্ৰেৰণা আৰু বিশাল ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ বহু লোকেই সততাৰ পথ গ্রহণ কৰিবলৈ অনুপ্ৰাণিত হৈছিল ।

‘গান্ধীজী কেতিয়াও ক্ষমতাৰ কাষ চপা নাছিল। তেনেদৰেই নাছিল উদ্যোগ-বাণিজ্য অথবা তাৰ স’তে জড়িত শোষণ- অন্যায়ৰ স’তে তেওঁৰ কোনো যোগসূত্ৰ । ধৰ্ম-জাতি-বর্ণ-লিংগ বৈষম্যৰ কোনো চিত্তাক তেওঁ কেতিয়াও সমর্থন দিয়া নাই। বৰঞ্চ অহিংস উপায়েৰে সমগ্ৰ জীৱন নিজৰ কৰ্মৰেই এইবোৰৰ তীব্ৰ বিৰোধ কৰিছে।

গান্ধীজীয়ে সদায় বিশ্বাস কৰিছিল যে হিংসা প্রয়োগৰ অৰ্থই হৈছে, মানুহক দমন কৰিবলৈ মানুহতকৈও শক্তিশালী কোনো শক্তিৰ ব্যৱহাৰ, লাগিলে সেয়া অস্ত্ৰৰ শক্তিয়েই হওক অথবা ধন-সম্পত্তিৰ অথবা ক্ষমতাৰ অথবা সংখ্যাৰ অথবা উন্মাদনাৰে হওক। সেই বাবেই তেওঁ এনে কোনো অস্ত্ৰ ব্যৱহাৰৰ ঘোৰ বিৰোধী আছিল। হিংসাৰ দ্বাৰা মানুহ আৰু মনুষ্যত্বৰ পতন ঘটে বুলি তেওঁ দৃঢ় বিশ্বাসী আছিল আৰু তাকেই বিশ্বৰ আগত প্ৰচাৰো কৰি গৈছে।

সেই বাবেই স্বাধীনতা আন্দোলনৰ শেষৰ সময়ছোৱাত দেশত ভয়াবহ সাম্প্রদায়িক সংঘৰ্ষৰ উদ্ভৱ হোৱাত তেওঁ ভুক্তভোগী লোকসকলক সহায় আৰু সাহস দিবলৈ পীড়িত অঞ্চলত উপস্থিত হৈছিল। শাৰীৰিক দুৰ্বলতা আৰু মানসিক বেদনা সত্ত্বেও তেওঁ সত্য আৰু অহিংসাৰ পথত থাকিয়ে শান্তিৰ প্ৰচেষ্টা চলাই গৈছিল ।

গান্ধীজীৰ প্ৰেম, ত্যাগ, বিশ্বাস আৰু সহাৱস্থানৰ বাণী সাম্প্রতিক অসুৰক্ষিত সময় আৰু বিবাদমান পৃথিৱীত অতি- প্ৰাসংগিক। তেওঁৰ পথ মানৱতা, সহাবস্থান, দৃঢ় মনোবল আৰু শাস্তিৰ পথ। এয়া হয়তো পূৰ্বতেও আছিল; কিন্তু তেওঁ নতুনকৈ সেইবোৰ মানৱ জাতিৰ সমুখত দাঙি ধৰিছিল।

আজিৰ পৰিস্থিতিত ইয়াক অনুসৰণ কৰাটোহে অধিক গুৰুত্বপূৰ্ণ। তেওঁ কোনো হিংসাত্মক পথ গ্রহণ নকৰাকৈয়ে বীৰত্বৰে অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ পথ দেখুৱাই গৈছে। সাম্প্রতিক কালৰ ৰাজনীতিয়ে সমাজত ঘৃণা আৰু অসুৰক্ষাৰ সৃষ্টি কৰি ক্ষমতা দখলৰ পথ নিৰ্মাণ কৰি লৈছে, অথচ গান্ধীজীয়ে প্রতিজন লোকৰ অন্তৰৰ পৰা ভয়-শংকা আঁতৰ কৰাতহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল আৰু যথেষ্ট সফলো হৈছিল।

নিজেই অগণন সুৰক্ষাকৰ্মীৰ দ্বাৰা অহৰহ পৰিবেষ্টিত হৈ থকা নেতাই সাধাৰণ নাগৰিকক ভয়হীন কৰি তোলাৰ বিপৰীতে যে অধিক ভয়ৰহে সৃষ্টি কৰে তাৰ ব্যাখ্যা নিষ্প্রয়োজন। গান্ধীজীৰ কেতিয়াও মৃত্যু ভয় নাছিল।

নাছিল ক্ষমতাৰ খঁক। তেওঁ সমগ্ৰ মানৱ সমাজকে কাকো ঘৃণা নকৰিবলৈ শিকাই থৈ গৈছে নিজৰ জীৱনৰ বাণী আৰু কৰ্মৰ জৰিয়তে । তেওঁ প্রেম তথা অহিংসাবেই সংগ্ৰাম কৰিবলৈ আৰু ব্যৰ্থতাতো নিৰাশ নোহোৱাকৈ সংগ্রাম অব্যাহত ৰাখিবলৈ শিক্ষা দি গৈছে।

গান্ধীজীয়ে মানৱজাতিৰ সমুখত কেতবোৰ আদৰ্শ বিচাৰধাৰা এৰি গৈছে। তেওঁৰ আদৰ্শ অনুসৰণ কৰা যে কঠিন তাত সন্দেহ নাই; কিন্তু সেইবাবেইতো তাক সমগ্ৰ মানৱ জাতিয়ে আদৰ্শৰূপে মানি ল’বলৈ বাধ্য হৈছে। তেওঁ সমগ্ৰ জীৱন নিজকে অধিক উন্নততৰ কৰাৰ প্ৰচেষ্টা চলাই গৈছিল। তেওঁ সদায়ে উচ্চ স্তৰত উপনীত হ’বলৈ কঠোৰ সাধনা কৰি গৈছিল।

গান্ধীজীৰ জীৱন আৰু তেওঁৰ কৰ্মৰাজি ব্যাপক আৰু বিস্তৃত। গতিকে তাত কাৰোবাৰ মতভেদ থকাটো তেনেই স্বাভাবিক; কিন্তু সেই অসন্মতি প্ৰকাশৰ নামত তেওঁৰ প্ৰতি অসন্মান কৰাটো মূৰ্খামিহে হ’ব। বৰঞ্চ আজি আমি নিজকে প্ৰশ্ন কৰাৰ প্রয়োজন যে গান্ধীৰ নীতি-আদৰ্শৰ অধিক চৰ্চা কৰাটো নে তেওঁক পাহৰণিৰ গৰ্ভলৈ ঠেলি দিয়াটো বিবেকৰ কাম হ’ব?

দৰাচলতে অহিংসাৰ পথেৰে সমাজে নিজৰ দুৰ্বলতা আৰু বেয়া বিলাকৰ স’তে কেনেকৈ যুঁজ দি সফল হ’ব পাৰে তাৰ কোনো ইতিহাস নাই। যি আছে, সেয়া কেৱল গান্ধীৰেই অৱদান। সাম্প্ৰতিক সময়ৰ বিভিন্ন গুৰুতৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰতো গান্ধীজীৰ দৰ্শনেই উপযুক্ত মাধ্যম হ’ব পাৰে।

বিশ্বৰ দেশে দেশে ধৰ্ম-বৰ্ণ-গোষ্ঠী আদিক লৈ অব্যাহত থকা সংঘাত, অলেখ গুৰু উদ্যোগ স্থাপন আৰু প্ৰকৃতিৰ ওপৰত চলি অহা মানৱৰ অত্যাচাৰৰ ফলস্বৰূপে দেখা দিয়া ভয়াৱহ জলবায়ু পৰিৱৰ্তনৰ সংকট আদিৰ মোকাবিলাৰ বাবেও গান্ধী দর্শন উপযুক্ত বুলি বহুতেই মানি ল’বলৈ বাধ্য হৈছে। মহান দার্শনিক সকলৰ অৱৰ্তমানত গান্ধীৰ দৰ্শনৰ প্ৰতি সেয়েহে বিদ্বৎ সমাজৰ আগ্ৰহ বৃদ্ধি পাইছে। এনেবোৰ কথাই স্পষ্ট কৰে যে গান্ধী এক সম্ভাৱনাৰেই নাম ।

ফোন : ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ArticlesPranjalsen DekaWhy Gandhi
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d