Earthquake: পুনৰ ভূমিকম্প !

ৰাজধানী দিল্লী সহ তিনি ৰাজ্যত ৰিখটাৰ স্কেলত প্ৰাবল্য ৪ ৬, আবেলি ২.২৫ বজাত অনুভূত হোৱা ভূঁইকপৰ উৎপত্তিস্থল নেপাল, চুবুৰীয়া নেপালত বৰ ভূইকপ, দুটাকৈ ভূমিকম্পই জোকাৰি গ'ল নেপালক, বিস্তৰ ক্ষতিসাধন, ৰিখটাৰ স্কেলত প্ৰাবল্য ৬.২

earthquake 1

Earthquake:

দেশৰ ৰাজধানী চহৰ দিল্লী সহ উত্তৰাখণ্ড, পজ্ঞাৱ,উত্তৰ প্ৰদেশত ভূঁইকঁপৰ জোকাৰণি ৷ আবেলি ২.২৫ বজাত অনুভূত হোৱা ভূমিকম্পৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৬  ৷ ভূঁইকপৰ উৎপত্তিস্থল আছিল নেপাল ৷

আনহাতে দুটাকৈ ভূমিকম্পই জোকাৰি যায নেপালত ৷ প্ৰথমটো অনুভূত হয় দিনৰ ২ .১৯ ,ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৪.৬ হোৱাৰ বিপৰীতে দ্বিতীয়টো অনুভূত হয় ২.২৫ত ৷ প্ৰাৱল্য আছিল ৬.২ ৷

ইতিমধ্যে প্ৰাপ্ত খবৰ অনুসৰি হিমালয়ান দেশ খনৰ কেতবোৰ অঞ্চলত ক্ষতিসাধন হৈছে ৷ বিশেষকৈ মাটিৰ কেচাঘৰবোৰ ভাঙি চুৰমাৰ হৈছে ৷ অৱশ্যে হতাহত হোৱাৰ খবৰ অহা নাই ৷

Exit mobile version