Maharasta Medical College Hospital Incident:মৃত্যুদূতত পৰিণত চৰকাৰী চিকিৎসালয় !

বিগত ৪৮ ঘন্টাত মৃত্যু ৩১ জন ৰোগীৰ,মৃতকৰ ভিতৰত আছে ১৬ টা শিশু

maharasta 1

Maharasta Medical College Hospital Incident:

সু-চিকিৎসাৰ বাবে কিমান সুৰক্ষিত চৰকাৰী চিকিৎসালয় ৷ এই প্ৰশ্নটো যেন দক্ষিণৰ এখন ৰাজ্যৰ বাবে এতিয়া লাখটকীয়া প্ৰশ্ন ৷ বিগত ৪৮ ঘন্টাত ইটোৰ পাছত সিটোকৈ মুঠ ৩১ জন ৰোগীৰ প্ৰাণ গ’ল এখন বিয়াগোম চৰকাৰী চিকিৎসালয়ত ৷ এই ভয়ংকৰ ঘটনাৰ স্থান মহাৰাষ্ট্ৰৰ নান্দেড় জিলাৰ বিষ্ণুপুৰীস্থ ৬০০ বিছনাযুক্ত শংকৰৰাও চৱন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।

বিগত ২৪ ঘন্টাত ২৪জনে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৪৮ ঘণ্টাত চৰকাৰী চিকিৎসা মহাবিদ্যালয় খনত মৃত্যুৰ সংখ্যা এতিয়া বৃদ্ধি পায় ৩১ জনলৈ । মৃতকৰ ভিতৰত আছে ১৬ টা শিশুও ।

উল্লেখ্য যে এতিয়ালৈকে মৃত্যুৰ কাৰণ সন্দৰ্ভত হাস্পতাল কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে স্পষ্ট কৰা নাই যদিও আওপকীয়াকৈ ক’ব বিছাৰে যে একাংশই সৰ্প দংশনৰ ফলত মৃত্যুক সাৱতি লৈছে আৰু বাকী সকলৰ অন্য বেমাৰত মৃত্যু হৈছে।

স্মতব্য যে,চিকিৎসা মহাবিদ্যালয়খনত প্রায় প্রতিদিনে গড়ে ১০ জনকৈ লোকে মৃত্যু ঘটে। কিন্তু শেহতীয়াকৈ ৪৮ ঘণ্টাৰ ভিতৰতে ৩১ জন লোকৰ মৃত্যু হোৱা ঘটনাই চৰকাৰী চিকিৎসালয়খনত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিশেষ সূত্ৰ এটিয়ে সদৰি কৰা মতে,এনে অপ্রত্যাশিত ঘটনাৰ আঁৰত ঔষধৰ নাটনি, চিকিৎসক, চিকিৎসাকর্মীৰ নাটনি । চৰকাৰী বিভিন্ন নিয়মৰ মেৰপেচত চিকিৎসালয় মহাবিদ্যালয়খনলৈ ঔষধৰ যোগান বন্ধ হৈ আছে।

উল্লেখযোগ্য , বর্তমান চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে প্রায় ৮০০ লোক। কিন্ত ইমান বৃহৎ সংখ্যাক ৰোগীৰ বিপৰীতে চিকিৎসালয় খনত নাই পর্যাপ্ত ঔষধ  ৷একেদৰে নাই পৰ্যাপ্ত চিকিৎসক, নাৰ্চৰ ।

ইপিনে, শেহতীয়াকৈ চিকিৎসালয়খনৰ পৰা বহু কেইগৰাকী নাৰ্ছৰ বদলি কৰা হ’ল যদিও সেই স্থানত নতুনকৈ নিযুক্তি দিয়া নহ’ল নাৰ্ছৰ ।

আনহাতে,উদ্থাপিত অভিযোগ অনুসৰি চিকিৎসালয় মহাবিদ্যালয় হাস্পতালখনলৈ ঔষধ যোগান ধৰা মুম্বাইৰ হফকিন ইনষ্টিটিউট নামৰ প্ৰতিষ্ঠানটোৱে সময়মতে যোগান ধৰা নাই প্ৰয়োজনীয় দৰৱ- পাতি ৷

চিকিৎসালয় খনৰ এক সূত্ৰই সদৰি কৰা মতে একনাথ চৰকাৰৰ শেহতীয়া কেতবোৰ ওপৰাউপৰি নীতি নিয়মৰ সাল -সলনিৰ বাবেই ঔষধ যোগানত পলম হৈছে ৷

আনহাতে মৃত্যুৰ বাবে স্বাস্থ্যখণ্ডক জগৰীয়া কৰিছে মহাৰাষ্ট্ৰৰ বিৰোধী দল-সংগঠন সমূহে ৷ এই প্ৰকাৰ ঘটনাৰ পাছতেই এতিয়া উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি।

কংগ্ৰেছে ইয়াৰ বাবে জগৰীয়া কৰিছে বিজেপি – শিৱসেনা ( একনাথ) নেতৃত্বধীন চৰকাৰ খনক ৷ কংগ্ৰেছ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে কয় যে, ঔষধ আৰু চিকিৎসাৰ অভাৱত এই ৰোগীসকলৰ মৃত্যু হৈছে। আমি “ভুক্তভোগী সকলৰ পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা ৷

বাৰেপতি এই ধৰণৰ ঘটনা সংঘটিত হৈ থকা ঘটনাই চৰকাৰৰ স্বাস্থ্য খণ্ডৰ নগ্নৰূপটো পুনৰ উন্মোচিত কৰিলে বুলি মন্তব্য কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷ হাস্পতালৰ মৃত্যু ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি উচিত ব্যৱস্থা লোৱাৰ দাবী জনায় খাৰ্গেই ৷

Exit mobile version