Bomb scare in Samguri:নগাঁৱৰ চামগুৰিৰ নামা-পাঘালিত বোমাতংক

পথৰ দাঁতিত উদ্ধাৰ আঠটাকৈ বোমা সদৃশ গোলা

samoguri incident

Bomb scare in Samguri:

নগাঁৱৰ চামগুৰিত বোমাতংক ৷ নামা-পাঘালি নামৰ অঞ্চলটোৰ পথৰ দাঁতিত উদ্ধাৰ হোৱা আঠটাকৈ বোমা সদৃশ গোলাক লৈ সৃষ্টি হয় তীব্ৰ আতংক ৷

চামগুৰি আৰক্ষীয়ে অতি তৎপৰতাৰে উদ্ধাৰ কৰে গোলাকেইটা। ইতিমধ্যে আৰক্ষীয়ে চলোৱা প্ৰাৰম্ভিক তদন্ত নিশ্চিত হয় যে উদ্ধাৰ হোৱা গোলাকেইটা হস্তনির্মিত বোমা

অৱশ্যে বোমা বিশেষজ্ঞৰ দলে পৰীক্ষা কৰি নিশ্চিত কৰিব প্ৰকৃতে গোলা কেইটাৰ ৰহস্য ৷ বৰ্তমান সুৰক্ষিতভাৱে বোমা কেইটা ৰাখিছে আৰক্ষীয়ে ৷

কোনে কি কাৰণে ৰাজপথৰ দাঁতিত এইদৰে বোমা সদৃশ গোলা কেইটা পেলাই থৈ গ’ল এই সন্দৰ্ভত চামগুৰি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰজু কৰি আৰম্ভ কৰিছে তদন্ত

Exit mobile version