BEEO Hari Prasad Das Arrested In Chaiduar:দু্ৰ্নীতি নিবাৰক শাখাৰ জালত ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া

beeo arrested

BEEO Hari Prasad Das Arrested In Chaiduar:

লোভেই পাপ,পাপেই মৃত্যু ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এজন ঘোচখোৰ শিক্ষা বিষয়াৰ ক্ষেত্ৰত ৷
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাস।

ADVERTISEMENT

উৎকোচ লৈ নোদোকা হোৱা ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাসৰ বিৰুদ্ধে বিভিন্ন সময়ত ঘোচ লোৱাৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷

আনকি কাৰ্যালয়টোলৈ বিভিন্ন বিভাগীয় কামত অহা শিক্ষক-শিক্ষয়িত্ৰীক কাম কৰি দিয়াৰ বাবে উৎকোচ বিচৰাটো নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছিল ৷

অৱশেষত আজি এজন শিক্ষকৰ পৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰি প্ৰসাদ দাসে উৎকোচ লওঁতেই হাতেলোটে আটক কৰে দু্ৰ্নীতি নিবাৰক শাখাই

ধৃত শিক্ষা বিষয়াজনক অধিক জেৰাৰ বাবে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে দু্ৰ্নীতি নিবাৰক শাখাই ৷

Exit mobile version